অসম

assam

ETV Bharat / state

দিল্লীৰ পাঠ্যক্ৰমত উদ্ধৱ ভৰালীৰ জীৱনী - দিল্লীৰ চৰকাৰী বিদ্যালয়

অসম বাসীৰ বাবে এটা ভাল খবৰ। পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ বিষয়ে স্থান লাভ কৰিছে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰমত। দিল্লী চৰকাৰৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত অসমৰ বিশিষ্ট উদ্ভাৱকগৰাকীৰ জীৱন সম্পৰ্কত এটি পাঠ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ৷ য' উল্লেখ আছে শূণ্যৰ পৰা সফলতাৰ শিখৰলৈ গতি কৰা উদ্ধৱ ভৰালীৰ কথা ৷

দিল্লীৰ পাঠ্যক্ৰমত উদ্ধৱ ভৰালীৰ জীৱনী
দিল্লীৰ পাঠ্যক্ৰমত উদ্ধৱ ভৰালীৰ জীৱনী

By

Published : Feb 26, 2020, 6:30 PM IST

লখিমপুৰ, 26 ফেব্ৰুৱাৰীঃঅসমৰ বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীক সকলোৱে চিনি পায় ৷ লখিমপুৰৰ এইগৰাকী বিশিষ্ট উদ্ভাৱকৰ কাহিনীয়ে এইবাৰ স্থান লাভ কৰিছে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰমত ৷ অসমবাসীৰ বাবে নিশ্চয় ই এক সুখবৰ ৷
পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ বিষয়ে SCERTয়ে প্ৰস্তুত কৰা পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হৈছে উদ্ভাৱকগৰাকীৰ জীৱন সংগ্ৰামৰ পৰা সফলতাৰ সকলো কাহিনী ৷ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰমত থকা Entrepreneurship and Research Curriculum বিষয়টোত অন্তৰ্ভুক্ত হৈছে ভৰালীৰ জীৱন কাহিনী ৷ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে দিল্লীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰ পৰা বিষয়টোত পঢ়িবলৈ পাব উদ্ধৱ ভৰালীৰ কাহিনী ৷ অহা এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'বলগা নতুন শিক্ষা বৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগিব এই পাঠ ৷

পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ বিষয়ে স্থান লাভ কৰিছে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰমত

মূলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে জ্ঞান দিবলৈ প্ৰস্তুত কৰা এই বিষয়টোত উল্লেখ কৰা হৈছে কেনেকৈ এজন ব্যক্তিয়ে শূণ্যৰ পৰা আকাশৰ দিশলৈ গতি কৰিব পাৰে ৷ দিল্লীৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ দিল্লীৰ 7 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে লেখক শিলা ভাটিয়াই লিখি উলিওৱা উদ্ধৱ ভৰালীৰ এই চমু জীৱনী খনত উদ্ভাৱকগৰাকীৰ বিষয়ে যথেষ্টখিনি তথ্য সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে ৷ উল্লেখ্য যে, এই পৰ্যন্ত 159 টাবিভিন্ন উদ্ভাৱনেৰে বিশ্ব প্ৰযুক্তি জগতত তোলপাৰ লগোৱা ভৰালীৰ ওপৰত ইতিমধ্যে Discovery Channel,History TV18কে ধৰি কেবাটাও বিশ্বপৰ্যায়ৰ চেনেলে 21 খনকৈ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ৷ এই পৰ্যন্ত ৰাষ্ট্ৰীয় আৰু আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত 27 টা সন্মান আজুৰি আনিবলৈ সক্ষম হোৱা বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীৰ ওপৰত দিল্লীৰ শিক্ষা বিভাগে লোৱা এই পদক্ষেপে আন এক সুকীয়া সন্মান কঢ়িয়াই আনিছে অসমবাসীৰ বাবে ৷

লগতে চাওকঃকেবিনেট সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল

ABOUT THE AUTHOR

...view details