ETV Bharat Assam

অসম

assam

ETV Bharat / state

ৰাজ্যপাল-মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে মহানগৰীলৈ চাইকেল যাত্ৰা দুই যুৱকৰ - চাইকেল যাত্ৰা

অনুসূচীত জাতিৰ অন্তৰ্গত বাছফোৰ, লালবেগী, ভাংগী আদি উপজাতিৰ লোকসকলে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ এই উপ-জাতিসমূহৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ বাবে যুৱকদ্বয়ে চাইকেল যাত্ৰা কৰি সজাগতা সৃষ্টিৰ লগতে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ সিদ্ধান্ত লয় ৷

Two youth embark on cycle trip From Lakhimpur to Guwahati
ৰাজ্যপাল-মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে মহানগৰীলৈ চাইকেল যাত্ৰা দুই যুৱকৰ
author img

By

Published : Nov 19, 2021, 8:58 PM IST

লখিমপুৰ, ১৯ নৱেম্বৰ :লখিমপুৰৰ পৰা দুজন হৰিজন সমাজৰ যুৱকে শুকুৰবাৰে পুৱা ৰাজধানী চহৰ গুৱাহাটীলৈ চাইকেল যাত্ৰা আৰম্ভ কৰে । অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে যুৱক দুজনে মহানগৰীলৈ আৰম্ভ কৰিছে এই চাইকেল যাত্ৰা ৷ যুৱক দুজন দিলীপ বাচফোৰ আৰু ৰকি বাচফোৰ ৷

অনুসূচীত জাতিৰ অন্তৰ্গত বাছফোৰ, লালবেগী, ভাংগী আদি উপজাতিৰ বিভিন্নবোৰ সমস্যা সমাধানৰ হকে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব যুৱকদ্বয়ে । যাৰ বাবে শুকুৰবাৰে পুৱা লখিমপুৰ নগৰৰ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমীপত দুই যুৱকক আনুষ্ঠানিকভাবে সম্বৰ্দ্ধনা জনাই স্থানীয় ৰাইজে ৷ ইয়াৰ পাছতেই চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে দিলীপ বাচফোৰ আৰু ৰকি বাচফোৰে ।

in article image
ৰাজ্যপাল-মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে মহানগৰীলৈ চাইকেল যাত্ৰা দুই যুৱকৰ

উল্লেখ্য যে, অনুসূচীত জাতিৰ অন্তৰ্গত এই উপজাতি সমূহৰ দীর্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ হকে যুৱকদ্বয়ে চাইকেল যাত্ৰা কৰি সজাগতা সৃষ্টিৰ লগতে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ সিদ্ধান্ত লয় ৷ দিলীপ বাচফোৰ আৰু ৰকী বাচফোৰে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক চৰকাৰী বিভাগ, বৰ্ড-নিকায়-নিগমৰ চাফাইৰ কাম ঠিকাদাৰক দিয়া বন্ধ কৰা, এই উপজাতিৰ লোকসকলৰ স্থায়ী আৰু অস্থায়ী চাফাই কৰ্মীৰ পদত নিযুক্তি দিয়া, স্বচ্ছ ভাৰত অভিযানৰ অধীনত চৰকাৰী প্ৰতিটো বিভাগতে চাফাই কৰ্মীৰ নিযুক্তি দিয়াৰ বাবে আহ্বান জনাব ৷

ৰাজ্যপাল-মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে মহানগৰীলৈ চাইকেল যাত্ৰা দুই যুৱকৰ

যুৱকদ্বয়ে ইয়াৰ লগতে এই উপজাতিৰ লোকসকল ভূমিহীন হোৱাৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ লাভৰ ক্ষেত্ৰত ভোগ কৰি অহা সমস্যাসমূহ বিশেষ ব্যৱস্থাৰে দূৰ কৰাৰ বাবে এই যুৱকদ্বয়ে চাইকেল যাত্ৰা কৰি গৈ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীক স্মাৰক পত্ৰ প্ৰদান কৰি দাবী জনাব ।

লগতে পঢ়ক :গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা চৰকাৰৰ পৰাজয় হৈছে : শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details