অসম

assam

By

Published : Jul 23, 2019, 4:54 PM IST

ETV Bharat / state

অৰুণাচলত গ্ৰেপ্তাৰ দুই কিশোৰী সৰবৰাহকাৰীক

দুই কিশোৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ঘিলামৰা আৰক্ষীৰ ৷ অৰুণাচল আৰক্ষীৰ সহযোগত অভিযান চলায় আটক কৰে দুগৰাকীকৈ লোকক ৷

অৰুণাচলত গ্ৰেপ্তাৰ দুই কিশোৰী সৰবৰাহকাৰীক

ঢকুৱাখনা, 23 জুলাই : ঢকুৱাখনাৰ ঘিলামৰা থানাৰ আৰক্ষীয়ে মঙলবাৰে অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰে দুই কিশোৰী সৰবৰাহকাৰীক । আৰক্ষী জালত পৰা সৰবৰাহকাৰী দুটা হ'ল ঘিলামৰাৰ মহমৰা দীঘলী পোলেন গোহাঁই আৰু পুলেনৰ পত্নী চুনো গোহাঁই । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৩ জুলাইত ঘিলামৰাৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী কিশোৰী । পৰিয়ালৰ লোকে আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত ঘিলামৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সন্দেহৰ আওতালৈ আনিছিল বিগত বাৰ বছৰৰ অধিক সময় পুলিচৰ ভয়ত ঘৰৰ পলাই থকা গুৰুতৰ অপৰাধী পোলেন গোহাঁইৰ ওপৰত ।

অৰুণাচলত গ্ৰেপ্তাৰ দুই কিশোৰী সৰবৰাহকাৰীক

কাৰণ সেই সময়ৰ পৰা নিৰুদ্দেশ হৈ আছিল পোলেনৰ ঘিলামৰাৰ ঘৰত থকা প্ৰথম পত্নীৰ এগৰাকী জীয়ৰী । ৰহস্যৰ পম খেদি ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া মোহনলাল মীনাৰ পৰামৰ্শ অনুসৰি ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত সোমবাৰে নিশা অৰুণাচল আৰক্ষীৰ সহযোগত অৰুণাচলত চলোৱা অভিযানত পানফেৰা জিলা দুইমুখ থানৰ ইয়ামপুৰ গাঁৱৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰা হয় । লগতে অপৰাধী পোলেন গোহাঁই আৰু দ্বিতীয় পত্নী চুনু গোহাঁইক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা মতে কিশোৰী গৰাকীক বিক্ৰীৰ বাবে নিয়া হৈছিল অৰুণাচলৈ ।

ABOUT THE AUTHOR

...view details