লখিমপুৰত ছাত্ৰ নিৰুদ্দেশৰ ঘটনা - সন্ধানহীনৰ বাতৰি
এইবাৰ লখিমপুৰ জিলাৰ চাপৰিগাঁৱত সন্ধানহীন দুই ছাত্ৰ ৷

নিৰুদ্দেশ হোৱা ছাত্ৰ দুজনৰ আলোকচিত্ৰ
লখিমপুৰ, 22 অক্টোবৰঃলখিমপুৰ জিলাৰ চাপৰিগাঁৱত সন্ধানহীন হৈ আছে দুই ছাত্ৰ ৷ সন্ধানহীন ছাত্ৰ দুজনক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ দুজনৰ পৰিয়ালৰ লগতে আন একাংশ অভিভাৱক। সোমবাৰে মাদ্ৰাছালৈ যোৱাৰে পৰা পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাই ১৪ বছৰীয়া ছাজান আলী,আৰু আচিকুৰ ৰহমানৰ। নিৰুদ্দেশ হোৱা আচিকুৰ ৰহমান আজিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ। ইতিমধ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোন সন্ধান পোৱা নাই ছাত্ৰ দুজনৰ ৷
লখিমপুৰত দুজন ছাত্ৰ নিৰুদ্দেশ