অসম

assam

ETV Bharat / state

মুগা পলু পালনেৰে স্বাৱলম্বী ধলপুৰৰ দুই ভগ্নী

মুগা পলু পালনেৰে স্বাৱলম্বী হৈছে লখিমপুৰ জিলাৰ ধলপুৰৰ দুই ভগ্নী ৷ পোহপাল দিছে পাঁচজনীয়া পৰিয়ালক ৷

By

Published : Jul 17, 2020, 10:31 PM IST

Two self-reliant sisters in Lakhimpur
http://10.10.50.80:6060///finalout3/assam-nle/finalout/17-July-2020/8062384_as_sister_pkg.mp4

বিহপুৰীয়া, 17 জুলাই : মন কৰিলেই চন, বাকৰি মাটিতে ধন ৷ এই আপ্তবাক্য শাৰী এশ শতাংশই প্ৰযোজ্য লখিমপুৰ জিলাৰ ধলপুৰৰ দুই ভগ্নীৰ ক্ষেত্ৰত ৷ এই দুই ভগ্নীৰ নাম পিংকি আৰু মিতালী ৷ দৰিদ্ৰতাই গ্ৰাস কৰা ঘৰখনক দুই বাই-ভনীয়ে পোহপাল দিছে অশেষ কষ্টৰে ৷ দুয়ো আনৰ চোমনি ভাৰাত লৈ পালন কৰিছে মুগা ৷ আনহাতে,ঘৰতে পলু পোহাৰ লগতে যতন কৰি দুয়োগৰাকীয়ে কাটে সূতা ৷ দুয়ো তাঁতশালত কাপোৰ বোৱাৰ লগতে ঘৰে ঘৰে গৈ বিক্ৰী কৰে উৎপাদিত বস্ত্ৰ ৷

মুগা পলু পালনেৰে স্বাৱলম্বী ধলপুৰৰ দুই ভগ্নী

ধলপুৰৰ বীৰেন বৰা আৰু কিৰণ বৰাৰ কন্যা পিংকি আৰু মিতালী ৷ সৰুৰে পৰা অভাৱ-অনাটনত ডাঙৰ হোৱা ভগ্নীদ্বয়ে কাম কৰিব পৰা হোৱাৰে পৰা আনৰ ওচৰত হাত পাতিব লগা হোৱা নাই ৷ বাৰীৰ ফল-মূল,পথাৰত মাছ ধৰি বিক্ৰী কৰা এৰি মুগা পুহি নিজে হাত সূতা কাটি কাপোৰ বইছে দুই ভগ্নীয়ে ৷ অতি কষ্টৰে উপাৰ্জন কৰা এই ধনেৰে পাঁচজনীয়া পৰিয়ালটোকো পোহপাল দিছে পিংকি আৰু মিতালীয়ে ৷ লগতে আটোম টোকাৰীকৈ সাজি উলিয়াইছে নিজৰ ঘৰখনো ৷ কোনো কাম কৰিবলৈ লাজ ভয় নকৰা ভগ্নীদ্বয়ে কলেজীয়া শিক্ষাৰ খৰছ উলিয়াইছিল আনৰ ঘৰত হাজিৰা কৰি ৷ ভগ্নীদ্বয়ৰ কামক লৈ কোনোৱে কেতিয়াবা তুচ্ছ-তাচ্ছিল্য কৰিলেও সেয়া প্ৰেৰণা বুলি গ্ৰহণ কৰা বাবেই আজি স্বাৱলম্বী দুয়ো ৷ ৰ’দ-বৰষুণ বোকা-পানী খচকি দুয়ো আগুৱাইছে উন্নতিৰ জখলাত ৷

লগতে পঢ়ক :ৰাজ্যৰ 7 খন কাৰাগাৰৰ 239 কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি

ABOUT THE AUTHOR

...view details