অসম

assam

ETV Bharat / state

বিহপুৰীয়াত মহিলাৰ দ্বাৰা পৰিচালিত দুটাকৈ ভোটকেন্দ্ৰ - লখিমপুৰ

বিহপুৰীয়া সমষ্টিত মহিলাৰ দ্বাৰা পৰিচালিত হৈছে দুটাকৈ ভোটকেন্দ্ৰ ৷ দুয়োটা কেন্দ্ৰতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া ৷

two-ladies-polling-centre
মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ

By

Published : Mar 27, 2021, 5:59 PM IST

নাওবৈচা,27 মাৰ্চ: লখিমপুৰ জিলাৰ বিহপুৰীয়াত সমষ্টিত স্থাপন কৰা হৈছে মহিলাৰ দ্বাৰা পৰিচালিত দুটাকৈ ভোটকেন্দ্ৰ ৷ এই ভোটকেন্দ্ৰ দুটা হৈছে লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন হোৱা ভোটকেন্দ্ৰ ৷ শান্তিপূৰ্ণভাৱে ভোটকেন্দ্ৰ দুটাত অনুষ্ঠিত হৈছে ভোটদান কাৰ্য ৷ কোনো ধৰণৰ হাই-উৰুমি পৰিলক্ষিত হোৱা নাই কেন্দ্ৰ দুটাত ৷ প্ৰয়োজনত ভোটকেন্দ্ৰৰ মহিলা বিষয়াসকলে সহায় কৰিছে ভোটাৰসকলক ৷

বিশেষকৈ বয়োজ্যেষ্ঠ ভোটাৰসকলে যাতে কোনো অসুবিধা নাপায়, তাৰ বাবেও নিৰ্দিষ্ট নিয়ম মানি সহায় কৰিছে ৷ ক’ভিড প্ৰট’কল মানি চলিছে ভোটকেন্দ্ৰলৈ অহা ভোটাৰৰ পৰা আৰম্ভ কৰি বিষয়াসকলেও ৷ এক স্বাভাৱিক পৰিৱেশৰ মাজেৰে সম্পন্ন হৈছে ভোটদান কাৰ্য ৷

মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ

আন বহু কেন্দ্ৰতকৈ ব্যতিক্ৰম এই ভোট কেন্দ্ৰ দুটোত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে বহু ভোটাৰে ৷ ভোটকেন্দ্ৰত দায়িত্ব লাভ কৰি আনন্দ আৰু গৌৰাৱান্বিত মহিলা বিষয়াসকল । ঘৰুৱা ব্যস্ততাৰ পৰা গণতন্ত্ৰৰ গুৰু দায়িত্ব লাভ কৰি উৎফুল্লিত হৈ পৰিছে মহিলা বিষয়াসকল ৷

লগতে পঢ়ক :ৰাতাবাৰীত শম্ভূ সিং মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ তেজস্বী যাদৱৰ

ABOUT THE AUTHOR

...view details