লখিমপুৰ, 31 মাৰ্চ:সোণ অথবা সোণৰ আ-অলংকাৰৰ প্ৰতি আপোনাৰ হেঁপাহ নিশ্চয় আছে ৷ কিন্তু যধে-মধে সোণ ক্ৰয়ৰ পৰা বিৰত থাকক ৷ নহ’লে বিপদত পৰিব পাৰে আপুনি ৷ আপোনাৰ অজ্ঞাতে দুষ্টচক্ৰই লুটি নিব পাৰে আপোনাৰ হাতত মজুত থকা সোণৰ গহণা ৷ কেতিয়াবা কম মূল্য দেখি এনে সোণ ক্ৰয় কৰাৰ সিদ্ধান্ত নল’ব ৷ অথবা সোণৰ গহণা চাফা কৰাৰ চলেৰে প্ৰৱঞ্চকে লুটিব পাৰে আপোনাৰ মূল্যবান গহণা ৷ পিছে এইবাৰ ঘটনাটো তেনে নহয় ৷ এইবাৰৰ ঘটনাৰ স্থান আৰু কাহিনী কিছু পৃথক ৷
লখিমপুৰৰ লালুকত বুধবাৰে নিশা তেনে এক ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ নকল সোণ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰে প্ৰৱঞ্চকৰূপী পিতা-পুত্ৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কিছুদিন পূৰ্বৰে মুম্বাইত প্ৰতিষ্ঠিত চাৰিগৰাকী ব্যৱসায়ীক ফোনযোগে যোগাযোগ কৰে প্ৰৱঞ্চক দুজনে ৷ ব্যৱসায়ীকেইজনক অসমলৈ আহি সোণ ক্ৰয় কৰিবলৈও বাৰে বাৰে প্ৰৱঞ্চক দুজনে জোৰ দি আছিল ৷
লখিমপুৰত নকল সোণ সহ দুই প্ৰৱঞ্চকক কৰায়ত্ত মাত্ৰ 15 লাখ টকাত 1.5 কিল’গ্ৰাম নকল সোণ ব্যৱসায়ী কেইজনক প্ৰকৃত সোণ বুলি বিক্ৰী কৰাৰ চেষ্টা চলাইছিল পিতা-পুত্ৰই ৷ পিছে দুয়োগৰাকীৰে কপাল আছিল বেয়া ৷ মুম্বাইৰ ব্যৱসায়ী কেইগৰাকীয়ে এই প্ৰৱঞ্চনাৰ উমান আগতীয়াকৈ লাভ কৰি দুয়োকে কৰায়ত্ত কৰাৰ পৰিকল্পনা কৰে ৷ সেইমৰ্মে লখিমপুৰলৈ আহি তেওঁলোকে আৰক্ষীক এই বিষয়ে অৱগত কৰে ৷
আৰক্ষীৰ সহযোগত ব্যৱসায়ী কেইগৰাকীয়ে গ্ৰাহকৰ বেশত লালুকত উপস্থিত হৈ পিতা-পুত্ৰক কৰায়ত্ত কৰি(Two fraud arrested with fake gold) পুনৰ মুম্বাইলৈ উভতি যায় ৷ আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চক দুটা লখিমপুৰৰ বালিডিঙৰ উত্তম পাল আৰু উমেশ পাল বুলি জানিব পৰা গৈছে ৷ দুয়োৰে পৰা আৰক্ষীয়ে নকল সোণ(Fake gold seized in Lakhimpur) জব্দ কৰি ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে দুয়োৰে সৈতে প্ৰৱঞ্চকৰ দল জড়িত হৈ থকাৰ অনুমান প্ৰকাশ কৰিছে ৷
লগতে চাওক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ