লখিমপুৰ, 19 নৱেম্বৰ : লখিমপুৰত মঙলবাৰে দুৰ্নীতি নিবাৰক শাখাই চলালে অভিযান ৷ অভিযানৰ পাচতে জাঁপিসজীয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ কাৰ্যালয়ৰ ভিতৰতে 50 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে বিষয়াৰ দলে আটক কৰে মুখ্য সহায়ক ৰোহিণী গগৈ আৰু গাণনিক অজিত সোণোৱালক ।
উৎকোচ লৈ ধৰা পৰিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰী - জনস্বাস্থ্য কাৰিকৰী বিভাগত উৎকোচৰ সময়ত ধৰা পৰিল দুই কৰ্মচাৰী
লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে জাঁপিসজীয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰীক ৷ 50 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে কৰ্মচাৰীজন ৷
![উৎকোচ লৈ ধৰা পৰিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5115548-thumbnail-3x2-an-2.jpg)
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰী গ্ৰেপ্তাৰ
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰী গ্ৰেপ্তাৰ
কাৰ্যালয়টোৰ কৰ্মচাৰী মৃত তুলাৰাম শইকীয়াৰ আৰ্জিত ছুটীৰ নামত পাব লগা দুই লক্ষাধিক টকা মোকলাই দিয়াৰ নামত এই ধৃত কৰ্মচাৰীদ্বয়ে দাবী কৰিছিল 50 হাজাৰ টকা । মৃত তুলাৰাম শইকীয়াৰ পুত্ৰ মাখন শইকীয়াই দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰি পৰিকল্পনা অনুসৰি মঙ্গলবাৰে আদায় দিয়ে 50 হাজাৰ টকা । এনে সময়তে বাহিৰত খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ এটা বৃহৎ দলে টকাসহ কাৰ্যালয়ৰ ভিতৰতে আটক কৰে ধৃত দুই বিষয়াক ৷