অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত মৃত্যু এজন অসমৰ যুৱক ! - লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানা

বহিঃৰাজ্যত কাম বিছাৰি গৈ মৃত্যুক সাৱটি ল’লে অসমৰ এজন যুৱকে । দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ কৰনোল জিলাৰ এটা ষ্টেচনত উদ্ধাৰ মৃতদেহ ৷

বহিঃৰাজ্যত মৃত্যু এজন অসমৰ যুৱক !
বহিঃৰাজ্যত মৃত্যু এজন অসমৰ যুৱক !

By

Published : Feb 9, 2020, 2:39 AM IST

বিহপুৰীয়া, 9 ফেব্ৰুৱাৰীঃ আৰ্থিক অনাটনৰ বাবে বহিঃৰাজ্যত কাম বিছাৰি গৈ মৃত্যুক সাৱটি ল’লে অসমৰ এজন যুৱকে ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং তাতিবাহাৰৰ পিছলা বঙালী গাঁৱৰ সোনেশ্বৰ চবৰৰ পুত্ৰ টুনটুন চবৰে পাঁচ দিন পূৰ্বে গোৱালৈ কোম্পানীত কাম কৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ।

শনিবাৰলৈকে পৰিয়ালৰ সৈতে ফোনত ঠিকেই কথা বতৰা পাতি থকা টুনটুন চবৰৰ দেওবাৰে পুৱা হঠাৎ অন্ধ্ৰপ্ৰদেশৰ কৰনোল জিলাৰ এটা ষ্টেচনত মৃত্যু হোৱা বুলি খবৰ লাভ কৰে পৰিয়ালে ।

জানিব পৰা মতে, ৰে’ল বিভাগৰ কৰ্মচাৰীয়ে আঘাতপ্ৰাপ্ত অৱস্থাত যুৱকজনক ১০৮ ৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল যদিও কিছু সময়ৰ পাচতেই মৃত্যু হয় যুৱকজনৰ । কিন্তু ৰহস্যজনক ভাৱে টুনটুনৰ লগত গোৱালৈ বুলি একেলগে যোৱা মহেন্দ্ৰ চবৰ নামৰ যুৱকজনৰ ম’বাইল ফোন বৰ্তমানলৈকে বন্ধ হৈ আছে ।

টুবহিঃৰাজ্যত মৃত্যু টুনটুন চবৰৰ

স্নাতক প্ৰথম বৰ্ষলৈ পঢ়া-শুনা কৰা টুনটুনে আৰ্থিক অনাটনৰ বাবেই কাম বিছাৰি গোৱালৈ বুলি ওলাই গৈছিল ৷ পৰিয়ালৰ সন্দেহ কোনোবাই মাৰপিট কৰি ৰে’লৰ পৰা পেলাই দিছে টুনটুনক ।

দুৰ্ভগীয়া পৰিয়ালটোৱে ঘটনাৰ উচিত তদন্ত দাবী কৰি দোষীক অতি সোনকালে চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পুত্ৰৰ মৃতদেহটো নিজ গৃহলৈ আনি দিবৰ বাবে আহ্বান জনাই চৰকাৰ তথা প্ৰশাসনক ৷

ABOUT THE AUTHOR

...view details