অসম

assam

ETV Bharat / state

Maha Jansampark Abhiyan: নুমলীগড়-গহপুৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগ; মুখ্যমন্ত্ৰী - Assam Direct recruitment

লখিমপুৰত বিজেপিৰ মহা জনসম্পৰ্ক অভিযানত অংশ লৈ কেতবোৰ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণ কৰা, প্ৰতিবছৰে 30-40 হাজাৰ নিবনুৱাক চাকৰি প্ৰদান কৰা আদি প্ৰধান ৷

Maha Jansampark Abhiyan
Maha Jansampark Abhiyan

By

Published : Jun 23, 2023, 4:37 PM IST

লখিপুৰত মহা জনসম্পৰ্ক অভিযানৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী

লখিমপুৰ, ২৩ জুন: লখিমপুৰত শুকুৰবাৰে বিজেপিৰ মহা জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লখিমপুৰৰ সোৱণশিৰি মহাবিদ্যালয় খেলপথাৰত আয়োজিত সভাত বিজেপিৰ নেতা-কৰ্মীৰ লগতে অংশ লয় সহস্ৰাধিক ৰাইজে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 9 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি বিজেপি শাসিত ৰাজ্যসমূহৰ লোকসভা সমষ্টিসমূহত আয়োজন কৰা হৈছে এই মহা জনসম্পৰ্ক অভিযান ৷

সভাত ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ঘূণাসুঁতিত দলং নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰি অহা কেইবছৰ মানৰ ভিতৰত 6 হাজাৰ কোটি টাকৰ ব্যয়সাপেক্ষে নুমলীগড়ৰ পৰা গহপুৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে অসমৰ ৰাইজে কল্পনা কৰিব নোৱাৰা কেতবোৰ উন্নয়নমূলক কাম-কাজ চৰকাৰখনে বাস্তবায়িত কৰা বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

সমান্তৰালভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণে অহা 30 বছৰলৈ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব ৷ ইফালে, চৰকাৰখনে কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰি নিযুক্তি প্ৰক্ৰিয়া 1 লাখতে সীমাবদ্ধ নাথাকি অসম চৰকাৰে প্ৰতিবছৰে 30-40 হাজাৰ চাকৰি সৃষ্টি কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

আৰু 9 লাখ লোকক চৰকাৰে অৰুণোদয় আঁচনিত সাঙুৰি লোৱাৰ লগতে অক্টোবৰ মাহৰ ভিতৰত প্ৰতিজন দুখীয়া মানুহকে ৰেচন কাৰ্ড প্ৰদান কৰাৰ লগতে সেই কাৰ্ডৰ দ্বাৰা 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব বুলিও উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘2 লাখ শিক্ষিত নিবনুৱা যুৱকে পাব 2 লাখ টকাকৈ । প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলা সদস্যই প্ৰথম বছৰত পাব 10 হাজাৰ টকাকৈ । ভাল কাম কৰা মহিলাসকলে দ্বিতীয় বছৰত 20 হাজাৰ টকা পাব ৷’’ ৰাজ্যৰ শিক্ষাৰ আন্দোলন লাগে বুলি উল্লেখ কৰি অসমীয়া মাধ্যমৰ বিদ্যালয় ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়তকৈয়ো উন্নত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক:Junmoni Rabha death : তিনিদিনীয়া অভিযান সামৰি লখিমপুৰৰ পৰা ৰাওনা চিবিআইৰ দল

ABOUT THE AUTHOR

...view details