অসম

assam

ETV Bharat / state

লখিমপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তেজনা

কোৱাৰেণ্টাইনৰ পৰা মুক্তি বিচাৰিছে দুবাৰকৈ পৰীক্ষাত নিগেটিভ অহা ৬২ জন যুৱকে ৷ অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ দিয়াৰ অভিযোগ তুলি কোৱাৰেণ্টাইন কক্ষৰ পৰা বাহিৰলৈ ওলাই আহি পৰিৱেশ উত্তাল কৰি তোলে যুৱককেইজনে ৷

By

Published : Jun 2, 2020, 7:33 PM IST

trouble-at-quarantine-center-at-lakhimpur
লখিমপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তেজনা

লখিমপুৰ,2 জুনঃলখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৌদ্ধপুনীয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেণ্টাইনত থকা যুৱক সকলৰ অভিযোগ কৰ'ণা পজিটিভ নহাৰ পিছতো তেওঁলোকক ৰাখিছে কোৱাৰেণ্টাইনত,লগতে অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ দিয়াৰ অভিযোগ তুলি কোৱাৰেণ্টাইন কক্ষৰ পৰা বাহিৰলৈ ওলাই আহি পৰিৱেশ উত্তাল কৰে যুৱককেইজনে। সকলোৰে অভিযোগ,থকা খোৱাৰ কোনো সুবিধা দিয়া হোৱা নাই তেওঁলোকক। ইয়াৰ লগতে পৰিস্কাৰ কৰা হোৱা নাই কোঠাসমূহ। তেওঁলোকে গেলা পচাৰ মাজতে কটাবলগীয়া হৈছে প্ৰতিটো দিন।

লখিমপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তেজনা
উল্লেখযোগ্য যে,প্ৰশাসনে দিয়া নিয়মাৱলী সম্পূৰ্ণ ৰূপে ভংগ কৰিছে যুৱক সকলে। আৱৰ্জনা পেলাবলৈ আছুতীয়াকৈ ব্যৱস্থা কৰিছে যদিও থকা কোঠাতে সকলো পেলাই নিজে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে যুৱকসকলে।

কিছুদিন পূৰ্বে নৱোদয় বিদ্যালয়ত থকা এজন যুৱকৰ শৰীৰত কৰ'ণা ধৰা পৰাৰ বাবে পুনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে সকলোৰে। যাৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে কোৱাৰেন্টাইনত থকা যুৱকসকল ৷

লগতে পঢ়কঃনগাঁও আৰু নলবাৰীত আতংকঃ ৰাজপথত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

ABOUT THE AUTHOR

...view details