লখিমপুৰ, 19 জুলাই:গংগা-যমুনা-সৰস্বতীৰ ত্ৰিবেণী সংগম ভাৰতবৰ্ষৰ ভিতৰতে এক পুণ্য স্থান হিচাপে পৰিগণিত হৈ আহিছে ৷ শেহতীয়াকৈ লখিমপুৰ জিলাতো দেশৰ ধৰ্মীয় পণ্ডিত সকলে চিনাক্ত কৰিছে আন এখন ত্ৰিবেণী সংগম ৷ হিমালয়ৰ পাদদেশত স্কন্ধ পুৰাণত বৰ্ণিত কুমাৰীকা ক্ষেত্ৰৰ ত্ৰিবেণী সংগম এই খনেই বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছে বুলি জানিব পৰা গৈছে ৷
দেশৰ ভিতৰতে অন্যতম পূণ্যভূমিত পৰিণত হোৱাৰ দিশে আগবঢ়িছে লখিমপুৰ ৷ দ্বিতীয়খন ত্ৰিবেণী সংগম চিনাক্ত হৈছে জিলাখনত ৷ দেশৰ বিভিন্ন ধৰ্মীয় পণ্ডিত সকলে ইতিমধ্যে জিলাখনত এই পুণ্য স্থান চিনাক্ত কৰিছে ৷ এই স্থান আছে লখিমপুৰ নগৰৰ পৰা কিছু নিলগৰ অৰুণাচল সীমান্তৱৰ্তী জহিং এলেকাত ৷ জহিং স্থিত ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ কাষতে জহিং, ৰঙানৈ আৰু ঢেকীয়ানলা নামৰ তিনিখন নৈ একেলগ হৈছে ৷ তিনিখন নৈৰ এই সংগম স্থলক ত্ৰিবেণী সংগম ৰূপে অভিহিত কৰিছে ধৰ্মীয় পণ্ডিত সকলে ৷ তেওঁলোকৰ মতে স্কন্ধ পুৰাণত হিমালয়ৰ পাদদেশত থকা কুমাৰীকা ক্ষেত্ৰত এখন ত্ৰিবেণী সংগম আছে ৷ পুৰাণ বৰ্ণিত কুমাৰীকা ক্ষেত্ৰৰ ত্ৰিবেণী সংগম এইখনেই বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছে ৷
উল্লেখ্য যে, এই তিনি নৈৰ সংগম স্থলক স্থানীয় লোকে অতীজৰ পৰাই পুণ্য স্থান বুলি গণ্য কৰি বিভিন্ন ধৰ্মীয় কাম-কাজত এই স্থানৰ পৰা জলোত্তলন কৰি আহিছে ৷ স্থানীয় লোকে এই সংগম স্থলক স্থানীয় ভাষাত লক্ষী দ বুলি পৰিচিতি দি আহিছে ৷ সস্প্ৰতি ধৰ্মীয় পণ্ডিত সকলে এই লক্ষী দয়েই পুৰাণ বৰ্ণিত কুমাৰীকা ক্ষেত্ৰৰ ত্ৰিবেণী সংগম বুলি চিনাক্ত কৰে ৷