অসম

assam

ETV Bharat / state

বিজেপিৰ জিলা কাৰ্যালয়ত শোকাকুল পৰিৱেশত ৰাও গজেন্দ্ৰ সিঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি - শ্ৰদ্ধাঞ্জলি

বৃহস্পতিবাৰে আকস্মিক মৃত্যুক সাৱটি লয় বৰ্ষীয়ান বিজেপি নেতা ৰাও গজেন্দ্ৰ সিঙে ৷ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ শেষ নিঃশ্বাস ত্যাগ কৰে ৷ শুকুৰবাৰে তেওঁৰ নশ্বৰ দেহ জিলা বিজেপিৰ কাৰ্যালয়লৈ অনাৰ পাছত দলীয় নেতা-কৰ্মী সকলে এক শোকাকুল পৰিৱেশত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Tribute to BJP leader Rao Gajendra Singh
অন্তিম শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 3:48 PM IST

বিজেপি নেতা ৰাও গজেন্দ্ৰ সিঙৰ মৃত্যু

লখিমপুৰ, 17 নৱেম্বৰ : লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত ৰাও গজেন্দ্ৰ সিঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি ৷ লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত শুকুৰবাৰে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ এক শোকাকুল পৰিৱেশত বিজেপিৰ নেতা-কৰ্মী সকলে দলৰ বৰ্ষীয়ান নেতা ৰাও গজেন্দ্ৰ সিঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

উল্লেখ্য যে, বিজেপি দলৰ জ্যেষ্ঠ নেতা ৰাও গজেন্দ্ৰ সিঙৰ বৃহস্পতিবাৰে আকস্মিকভাৱে মৃত্যু হয় ৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জ্যেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিঙৰ ৷ শুকুৰবাৰে লখিমপুৰ মেডিকেল কলেজৰ পৰা তেওঁৰ নশ্বৰ দেহ জিলা বিজেপিৰ কাৰ্যালয়লৈ অনা হয় ৷ কাৰ্যালয়ত বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱাসহ দলৰ বহু নেতা-কৰ্মীয়ে ৰাও গজেন্দ্ৰ সিঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

মৰমৰ নেতাজনক অন্তিম শ্ৰদ্ধাঞ্জলি জনাই দলৰ বহু কৰ্মীয়ে উচুপি উঠে ৷ এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় দলৰ জিলা কাৰ্যালয়ত ৷ বিজেপিৰ নিশকটীয়া অৱস্থাত বহু কষ্টৰে জিলাখনত দলটোক ধৰি ৰখাৰ লগতে দুবাৰকৈ জিলা সভাপতি আৰু ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব বহন কৰি বিজেপি দললৈ আমৃত্যু অৰিহণা যোগাই যোৱা নেতাজনক বিদায় দিবলৈ গৈ দলীয় নেতা-কৰ্মী সকল ম্ৰিয়মান হৈ পৰে ৷

তেওঁলোকে দলীয় মঞ্চত আলোচনা কৰি প্ৰয়াত ৰাও গজেন্দ্ৰ সিঙৰ স্মৃতি যুগমীয়া কৰাৰ ব্যবস্থা লোৱাৰো সংকল্প লয় ৷ দলীয় কৰ্মী সকলে ৰাও গজেন্দ্ৰ সিং অমৰ হওক ধ্বনিৰে পুস্পাৰ্ঘ্য নিবেদন কৰি দলৰ জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি তেওঁৰ নশ্বৰ দেহ দুপৰীয়া স্ব-গৃহ বান্দৰদেৱা অভিমুখে লৈ যায় ৷

উল্লেখ্য যে, দুবাৰকৈ তেওঁ বিজেপিৰ জিলা সভাপতিৰ দায়িত্ব বহন কৰিছিল ৷ দলীয় টিকট লৈ গজেন্দ্ৰ সিঙে নাওবৈচা সমষ্টিৰ পৰা দুবাৰকৈ প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজয় বৰণ কৰিছিল । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰক এৰি থৈ যায় ।

লগতে পঢ়ক :প্ৰবীণ বিজেপি নেতা ৰাও গজেন্দ্র সিঙৰ আকস্মিক বিয়োগ

ABOUT THE AUTHOR

...view details