অসম

assam

ETV Bharat / state

লখিমপুৰত এঘাৰশ ছাত্ৰ-ছাত্ৰীৰ গছপুলি ৰোপণ

ৰাজ্য চৰকাৰৰ গড়কাপ্তানী, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ নতুন পৰিকল্পনা ৷ লখিমপুৰৰ নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণ ৷ এই নতুন পৰিকল্পনাৰ লখিমপুৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লখিমপুৰত এঘাৰশ ছাত্ৰ-ছাত্ৰীৰ গছপুলি ৰোপণ

By

Published : Jun 28, 2019, 5:32 PM IST

লখিমপুৰ,28 জুন : লখিমপুৰত এঘাৰশ ছাত্ৰ-ছাত্ৰীয়ে ৰোপণ কৰিলে এঘাৰশ গছপুলি ৷ লখিমপুৰৰ নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয় প্ৰাংগণৰ 6 খন বিদ্যালয়ৰ এঘাৰশ ছাত্ৰ-ছাত্ৰীয়ে ৰোপণ কৰিলে গছপুলি ৷ সেউজী ধৰা বিনন্দীয়া,সুন্দৰ স্বাস্থ্য যুগমীয়া ৷ এইয়া ৰাজ্য চৰকাৰৰ গড়কাপ্তানী, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ নতুন পৰিকল্পনা ৷ শুকুৰবাৰে এই নতুন পৰিকল্পনাৰ লখিমপুৰত শুভাৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ঠিকাদাৰ আৰু ঠিকাভিত্তিক সকলেও কাম আৰম্ভ কৰাৰ লগতে চৌপাশে গছপুলি ৰুব লাগিব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ ৷

লখিমপুৰত এঘাৰশ ছাত্ৰ-ছাত্ৰীৰ গছপুলি ৰোপণ
ইফালে,এক জনসভাত অংশ গ্ৰহণ কৰি 2020 চনত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে চিকিৎসা বিভাগে ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্তই।

ABOUT THE AUTHOR

...view details