অসম

assam

ETV Bharat / state

Holy Haj Pilgrimage : লখিমপুৰত 86 গৰাকী হজ যাত্ৰীক প্ৰশিক্ষণ - হজ যাত্ৰীসকলক এক প্ৰশিক্ষণ প্ৰদান

এইবাৰ লখিমপুৰৰ পৰা মক্কাৰ হজত অংশ ল’ব 86 গৰাকী লোকে ৷ অসমৰ পৰা হজলৈ কেনেকৈ যাব বা কি কি নিয়ম মানি চলিব লাগিব সেই সন্দৰ্ভত দেওবাৰে আয়োজন কৰা হয় এক প্ৰশিক্ষণ শিবিৰ (Training of Haj pilgrims in Lakhimpur) ৷

Training of Haj pilgrims in Lakhimpur
হজ যাত্ৰীসকলক এক প্ৰশিক্ষণ প্ৰদান

By

Published : May 29, 2022, 10:52 PM IST

লখিমপুৰ, 29 মে’ : ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ হজ যাত্ৰা(Holy Haj Pilgrimage)ৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে । সুদূৰ মক্কাত গৈ কেনেদৰে সুকলমে হজত অংশ ল’ব পাৰে, সেই সম্পৰ্কে হজ যাত্ৰীসকলক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ পবিত্ৰ হজ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে লখিমপুৰতো হজ যাত্ৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে (Training of Haj pilgrims in Lakhimpur) ।

যাৰ বাবে দেওবাৰে লখিমপুৰত আয়োজন কৰা হয় এক সভাৰ ৷ জানিব পৰা মতে, এইবাৰ লখিমপুৰৰ পৰা হজলৈ যাব 86 গৰাকী লোক । ইয়াৰে 50 জন পুৰুষ আৰু 36 গৰাকী মহিলা । অসমৰ পৰা হজলৈ কেনেকৈ যাব বা কি কি নিয়ম মানি চলিব লাগিব এই সম্বন্ধে লখিমপুৰ নগৰৰ হোটেল শ্বাৰনাজত জিলা হজ কমিটিৰ উদ্যোগত দেওবাৰে এদিনীয়াকৈ হজ যাত্ৰীসকলক এক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

হজ যাত্ৰীসকলক এক প্ৰশিক্ষণ প্ৰদান

ৰাজ্যিক হজ কমিটিৰ মাষ্টাৰ ট্ৰেইনাৰসকলে সমল ব্যক্তি ৰূপে অংশ লোৱা এই প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰে জিলা উপায়ুক্ত সুমীত সাত্তাৱানে । জিলা নিৰ্বাচনী বিষয়া মোস্তফা চেলিম আহমেদকে ধৰি জিলা প্ৰশাসনৰ বিষয়-ববীয়া আৰু হজ কমিটিৰ কেইবাগৰাকীও বিষয়ববীয়া এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু প্ৰায় ১৭ লাখ বিনামূলীয়া পাঠ্যপুথি

ABOUT THE AUTHOR

...view details