অসম

assam

ETV Bharat / state

Assam Agriculture Department: সংশ্লিষ্ট বিভাগৰ বদান্যতাত প্ৰশিক্ষণ কেন্দ্ৰই ৰূপ পালে গুদাম ঘৰৰ - প্ৰশিক্ষণ কেন্দ্ৰকে গুদাম ঘৰলৈ পৰিৱৰ্তন

লখিমপুৰ নগৰ এলেকাৰ কাষতে আছে জিলা কৃষি বিভাগৰ এটা গুদাম । এটা প্ৰশিক্ষণ কেন্দ্ৰকে গুদাম ঘৰলৈ পৰিৱৰ্তন কৰা হ’ল, লগতে চোৱাচিতাৰ অভাৱত উৱঁলি গ’ল সাৰ, চূণ, কৃষি সঁজুলি আদি । এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনত।

farmer supplies in waste condition in lakhimpur agriculture department
গুদামঘৰ ৰূপী প্ৰশিক্ষণ কেন্দ্ৰ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:19 PM IST

প্ৰশিক্ষণ কেন্দ্ৰকে গুদাম ঘৰলৈ পৰিৱৰ্তন কৰা হ’ল

লখিমপুৰ, ১৪ নৱেম্বৰ : লখিমপুৰ কৃষি বিভাগৰ গুদামৰ প্ৰকৃত স্বৰূপ । প্ৰশিক্ষণ কেন্দ্ৰক পৰিণত কৰিলে গুদাম ঘৰলৈ । গুদাম ঘৰটোত নষ্ট হৈছে সাৰ, কৃষি সঁজুলি । কৃষক, কৃষি ক্ষেত্ৰৰ সহায়ৰ বাবে বিয়াগোম কৃষি বিভাগটো থকাৰ পাচতো বাস্তৱ ক্ষেত্ৰত কৃষকসকল আশানুৰূপ ভাৱে উপকৃত হোৱা নাই । অন্ততঃ লখিমপুৰ জিলাত তেনে এক প্ৰতিচ্ছবিয়েই প্ৰতিফলিত হৈছে । কিয়নো কৃষি বিভাগৰ গুদামতে পচিব ধৰিছে সাৰ, কৃষি সঁজুলি, কীটনাশক দ্ৰব্য আদি ।

গুদামঘৰ ৰূপী প্ৰশিক্ষণ কেন্দ্ৰ

নগৰৰ সমীপৰ চুকুলীভৰীয়াত থকা উপ কৃষি সঞ্চালকৰ কাৰ্যালয়ৰ কাষতে থকা প্ৰশিক্ষণ কেন্দ্ৰটো কৃষি বিভাগে গুদাম হিচাপে ব্যৱহাৰ কৰিবলৈ ল’লে । কিন্তু কৰ্মচাৰীৰ অভাৱৰ বাবে গুদামত থকা সাৰ, কীটনাশক, কৃষি সঁজুলি আদি য’তে ত’তে পৰি থাকে, যাৰ ফলত সকলোবোৰ উৱঁলি যাবলৈ ধৰিছে । এক বিধ্বস্ত ৰূপত আছে গুদামঘৰ ৰূপী প্ৰশিক্ষণ কেন্দ্ৰটো ।

গুদামঘৰ ৰূপী প্ৰশিক্ষণ কেন্দ্ৰ

প্ৰায় দুবছৰ ধৰি এনে পৰিত্যক্ত ৰূপত থকা গুদামটোত এন্দুৰ নিগনিয়ে বস্তাৰ ওপৰ পৰ্যন্ত মাটিৰ দম তুলিলে । গুদামটোত কোনো চতুর্থ বৰ্গৰ কৰ্মচাৰী নথকাৰ বাবে সাৰৰ বস্তা, কীটনাশকৰ কাৰ্টন আদি উৱঁলি গৈছে আৰু এন্দুৰ নিগনিৰ উৎপাতত সকলো বস্তু অপচয় হ’ব ধৰিছে । কৃষক ৰাইজৰ সকাহৰ বাবে লোৱা এনে সাৰ, কীটনাশক, কৃষি সঁজুলি আদিৰ যোগান ব্যৱস্থাৰ বাস্তৱ চিত্ৰখনে দৰাচলতে কৃষি বিভাগৰ আচল স্বৰূপটো উদঙাই দিছে । এই লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে জিলাখনত নতুনকৈ যোগদান কৰা জিলা কৃষি বিষয়া গৰাকীয়ে গুদামটো পৰিদৰ্শন কৰে । তেওঁ এই প্ৰশিক্ষণ কেন্দ্ৰটো গুদাম হিচাপে ব্যৱহাৰ কৰাৰ বিভাগীয় সিদ্ধান্ত ভুল আছিল বুলি অকপটে স্বীকাৰ কৰে । কৰ্মচাৰী নোহোৱাৰ কথাও তেওঁ উল্লেখ কৰে । তেওঁ ইতিমধ্যে গুদামটো পৰিষ্কাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । কৃষকৰ সহায়ৰ বাবে থকা বিভাগৰ এনে দুৰ্বল ভূমিকাক লৈ এতিয়া চৌদিশে সমালোচনাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Attack of armyworms: চহা কৃষকৰ সপোনৰ ধাননি ডৰাত শূঁৰ পোকৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details