কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা
পুঠিমাৰী, বৰলীয়া আৰু কলাজল নৈয়ে বাইহাটা চাৰিআলিত বিস্তৰ ক্ষতি সাধন কৰিছে ৷ আনকি বাঢ়নী পানীত বুৰ গৈছে বাইহাটা চাৰিআলিৰ কমলপুৰ সমষ্টিৰ ইখনৰ পাচত সিখন গাঁও ৷ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ বানাক্ৰান্ত ৰাইজৰ দুখ-দুদৰ্শা বুজ ল’বলৈ শনিবাৰে কমলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma at Baihata chariali) ৷
অসম ৰাইফলছত ১০ শতাংশ পদ অগ্নিবীৰসকলৰ বাবে সংৰক্ষিত হ'ব
কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিক লৈ দেশত প্ৰতিবাদ অব্যাহত আছে (Protest over Agnipath Scheme)। বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে । ইয়াৰ মাজতে চৰকাৰে ঘোষণা কৰিছে যে অগ্নিবীৰসকলৰ বাবে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ ক্ষেত্ৰত ১০ শতাংশ খালী পদ সংৰক্ষণ কৰা হ'ব ।
ৰাজ্যজুৰি বানৰ সংহাৰ: জলবন্দী জোনাইবাসী
ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ চিয়াং নদীয়ে জটিল ৰূপ ধাৰণ কৰিছে বানে (Flood in Dhemaji) ৷ বানাক্ৰান্ত লোকসকলক তিনি দিনৰ বাবে চাউল, দাইল আৰু নিমখ বিতৰণ কৰে (Flood relief at Junai ) ৷
গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি
গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ন খণ্ডত দুই দালালৰ দপদপনি । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি (Corruption under PMAY scheme)। ধনৰ বিনিময়ত হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ।
ৰাজ্যত বানৰ বিভীষিকা অব্যাহত: ২৮ জিলাৰ ৮৪,৩৪৩১ লোক ক্ষতিগ্ৰস্ত
চাৰিদিন ধৰি ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা (Flood in Assam 2022) ৷ দ্বিতীয়টো বান আৰু ভূমিস্খলনত বৰ্তমানলৈ 9 জন লোকৰ মৃত্যু হৈছে (9 people died in landslide) । নামনি আৰু মধ্য অসমৰ লগতে পানীত বুৰ গৈছে উত্তৰ অসম। তথ্য মতে এতিয়ালৈকে ৮৪,৩৪৩১ জন লােক বানত ক্ষতিগ্রস্ত হৈছে (84,3431 people have been affected by the floods) ৷