হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্রৰ আধিপত্য
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১,৮৮,৫৭০ জন ছাত্ৰ আৰু ২,১৭,০১২ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল । ছাত্ৰীৰ তুলনাত এইবাৰ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক। এইবাৰ ৫৮.৮০ শতাংশ ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯ শতাংশ । ৪,২৯৯ জন ছাত্ৰই ডিষ্টিংছন পোৱাৰ বিপৰীতে ৪,০৭৪ গৰাকী ছাত্ৰীয়ে লাভ কৰিছে ডিষ্টিংছন । শীৰ্ষৰ ১০ টা স্থান লাভ কৰিলে ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।
মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ তিনি বছৰ পাছত হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ
উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ । ক'ভিডৰ পাছত এইবাৰ পাঠ্যক্ৰম কিছু হ্ৰাস কৰি পৰীক্ষা অনুষ্ঠিত কৰা হয় যদিও উত্তীৰ্ণৰ হাৰ হ্ৰাস পায় । বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শতাংশ । ২০২০ চনত ৬৪.৮০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০১৯ চনত উত্তীৰ্ণ হৈছিল ৬০.২৩ শতাংশ । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫.৪৬ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে ধেমা
নচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰসহ লাভ কৰিলে প্ৰথম বিভাগ
পুত্ৰৰ সাফল্যত গৰ্বিত পিতৃ অখিল গগৈ । পুত্ৰৰ সাফল্যক লৈ তেওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত । বহু প্ৰত্যাহ্বানৰ অন্তত নচিকেতাই আজি মেট্ৰিক পাছ কৰিলে । জনালে সকলোকে কৃতজ্ঞতা ।
HSLC Exam results 2022 : প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দশম স্থান প্ৰাপ্ত এনিকংকনা গগৈৰ
ডিব্ৰুগড়ৰ টেঙাখাতত এক উৎসৱমুখৰ পৰিৱেশ । টেঙাখাতৰ এনিকংকনা গগৈয়ে অসমৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয় (Anikankana Gogoi secure 10th rank in HSLC Exam)। টেঙাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰী এনিকংকনাই ৫৮৮ নম্বৰ লাভ কৰি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ।
প্ৰথম দহটা স্থানত জিলিকিল শিৱসাগৰৰ ছগৰাকী শিক্ষাৰ্থী
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ পৰা দশম স্থান লাভ কৰে জিলাখনৰ দুগৰাকী শিক্ষার্থীয়ে (HSLC result 2022)। শিৱসাগৰ নগৰৰ শ্ৰী সুন্দৰমল মৰ্ডান স্কুলৰ ছাত্ৰ হিমাংশু দাস আৰু ৰক্তোপল বৰুৱাই ৫৮৮ নম্বৰৰ সৈতে দশম স্থান দখল কৰিছে (Sivsagar district HSLC result)। জিলাখনৰ ৬ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত ৬ টা দখল কৰিবলৈ সক্ষম হৈছে ।