ৰাজ্যত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা
বিগত বছৰত নতুনকৈ কৰ্কট ৰোগত আক্রান্ত হৈছে ১,১০,৮৫৭ জন লোক (cancer cases has increased in Assam)। মৃত্যু ৬৬,৮০০ জনৰ । ৰাজ্যখনৰ ভিতৰত কামৰূপ মহানগৰ জিলাত কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক । জিলাখনত প্ৰতি ১ লাখ পুৰুষৰ ভিতৰত ২১৩ জন আৰু প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ১৬৯ গৰাকী কৰ্কট ৰোগী । অসমত ৪৮ শতাংশ, মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ কৰ্কট ৰোগীয়েই হৈছে ধঁপাত সেৱনকাৰী ।
Anti Drugs Mission in Lakhimpur: তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ জেপত ওলাইছে ড্ৰাগছৰ কন্টেইনাৰ
ড্ৰাছৰ ব্যৱসায়ত জড়িত কৰোৱা হৈছে শিশু ছাত্ৰক ৷ লখিমপুৰত বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত ছাত্ৰৰ পৰা উদ্ধাৰ ড্ৰাগছৰ কন্টেইনাৰ ৷ নিজ পিতৃ-মাতৃয়েই ছাত্ৰজনক জড়িত কৰোৱাইছে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত (Drug peddling by schoolboy in Lakhimpur)৷
President's colour award to Assam police: ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীৰ বাইক ৰেলী
ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিয়াব এই বাইক ৰেলী(Assam police bike rally on first may) ৷ ধুবুৰীৰ ভাৰত বাংলা সীমান্ত অঞ্চল পৰিদর্শন কৰি এই কথা সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই (DGP Bhaskar jyoti Mahanta at Dhubri) । ধুবুৰী আৰক্ষী চাউনিত আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷
চামগুৰিত উদ্ধাৰ তিনিটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ বন মেকুৰীৰ পোৱালি
চামগুৰি থানাৰ অন্তৰ্গত ভৰাগুৰিত উদ্ধাৰ তিনিটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বন মেকুৰী (Wildcat kittens rescued in Samaguri) ৷ ভৰাগুৰিৰ মুকুন্দ চাংমাইৰ বাঁহনিডৰাৰ পৰা উদ্ধাৰ হৈছে বন মেকুৰীৰ পোৱালিকেইটা ৷ প্ৰকৃতিপ্ৰেমী দুলু বৰাই বন মেকুৰীৰ পোৱালিকেইটা উদ্ধাৰ কৰি গতাই দিয়ে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ কৰ্তৃপক্ষক ৷
মহা মৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদ
দেওবাৰে মহা মৃত্যুঞ্জয় মন্দিৰত (Maha Mrityunjay Temple) দীৰ্ঘদিন ধৰি নিয়োজিত কৰ্মচাৰী সকলক কৰ্মৰ পৰা বহিস্কাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় (Local people protest in Nagaon) । ‘ৰিনিকি ভূঞা শৰ্মা মুৰ্দাবাদ’ ধ্বনি দি এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷