অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - ETV Bharat top news

5 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 7, 2022, 5:11 PM IST

মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ তিনি বছৰ পাছত হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ

উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ । ক'ভিডৰ পাছত এইবাৰ পাঠ্যক্ৰম কিছু হ্ৰাস কৰি পৰীক্ষা অনুষ্ঠিত কৰা হয় যদিও উত্তীৰ্ণৰ হাৰ হ্ৰাস পায় । বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শত‍াংশ । ২০২০ চনত ৬৪.৮০ শত‍াংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০১৯ চনত উত্তীৰ্ণ হৈছিল ৬০.২৩ শতাংশ । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫.৪৬ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে ধেমাজি জিলা ।

নচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰসহ লাভ কৰিলে প্ৰথম বিভাগ

পুত্ৰৰ সাফল্যত গৰ্বিত পিতৃ অখিল গগৈ । পুত্ৰৰ সাফল্যক লৈ তেওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত । বহু প্ৰত্যাহ্বানৰ অন্তত নচিকেতাই আজি মেট্ৰিক পাছ কৰিলে । জনালে সকলোকে কৃতজ্ঞতা ।

HSLC result 2022 : শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল (Assam HSLC Exam Results 2022)৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্ৰমে লখিমপুৰৰ ৰক্তোৎপল শইকীয়া আৰু নলবাৰীৰ ভূয়সী মেধিয়ে ৷ একেদৰে তৃতীয় স্থানত আছে 3 জন, চতুৰ্থ স্থানত আছে 4 জন, পঞ্চম স্থানত আছে 4 জন, ষষ্ঠ স্থানত আছে 2 জন, সপ্তম স্থানত আছে 6 জন, অষ্টম স্থানত আছে 6 জন, নৱম স্থানত আছে 10 জন আৰু দশম স্থান লাভ কৰিছে 15 জন শিক্ষাৰ্থীয়ে ৷

HSLC result 2022 : তৃতীয় স্থান দখলেৰে বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়ালে পাৰ্থ প্ৰতীম দাসে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভেৰে বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে পাৰ্থ প্ৰতীম দাসে । বিহপুৰীয়াৰ ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান লুমিনাছ একাডেমীৰ ছাত্ৰ পাৰ্থই ৫৯৫ নম্বৰেৰে অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় (Third rank in HSLC result 2022)।

পাছিঘাটত ভয়ংকৰ ভূমিস্খলন : মাটিত পোত গ’ল শতাধিক বাহন

ডিমা হাছাওক তচনচ কৰাৰ পিছতে এইবাৰ প্ৰকৃতিয়ে নিষ্ঠুৰ ৰূপ ল’লে অৰুণাচলৰ পাছিঘাটত ৷ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে পাছিঘাটত (Massive landslide in Pasighat) ৷ সোমবাৰে পাছিঘাট আৰু পংগিং সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হৈ শতাধিক বাহন পোত যায় ৷ ৰাজপথতেই যান-বাহন এৰি যেনেতেনে প্ৰাণ ৰক্ষা কৰে আৱদ্ধ যাত্ৰীসকলে ।

Road accident in Rajasthan : ৰাজস্থানৰ শোকাৱহ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৮ জন সদস্যৰ মৃত্যু

সোমবাৰে গুদামালানি মেগা ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Rajasthan)। এছইউভি আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত ৮ গৰাকী লোকৰ মৃত্যু । সংকটজনক অৱস্থাত দুগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি ।

HSLC results 2022 : চিকিৎসক হোৱাৰ মন দশম স্থান প্ৰাপক ধৃতিস্মিতাৰ

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ধৃতিস্মিতা ডেকাই ৷ ৫৮৮ নম্বৰেৰে দশম স্থান লাভ ছাত্ৰীগৰাকীৰ ৷ ফলাফলত উজলিল নলবাৰীৰ ৪ গৰাকী ছাত্ৰ-ছাত্ৰী । নলবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা স্থান লাভ কৰা দুগৰাকী শিক্ষাৰ্থী হৈছে দিব্যজ্যোতি লহকৰ আৰু ধৃতিস্মিতা ডেকা ৷

অভিযন্তা হোৱাৰ সপোন দশম স্থান পোৱা গুৱাহাটীৰ মায়ংক আগৰৱালাৰ

মঙলবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC exam results 2022) অনুযায়ী কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীবাৰীত থকা নিকলচ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ মায়ংক আগৰৱালাই দশম স্থান অধিকাৰ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে (Mayank Agarwal secure 10th rank in HSLC Exam)।

HSLC results 2022 : চিকিৎসক হোৱাৰ মন দশম স্থান প্ৰাপক ধৃতিস্মিতাৰ

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ধৃতিস্মিতা ডেকাই ৷ ৫৮৮ নম্বৰেৰে দশম স্থান লাভ ছাত্ৰীগৰাকীৰ ৷ ফলাফলত উজলিল নলবাৰীৰ ৪ গৰাকী ছাত্ৰ-ছাত্ৰী । নলবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা স্থান লাভ কৰা দুগৰাকী শিক্ষাৰ্থী হৈছে দিব্যজ্যোতি লহকৰ আৰু ধৃতিস্মিতা ডেকা ৷

তিনি কীৰ্তিমান বিদ্যাৰ্থীয়ে উজলালে যোৰহাটৰ নাম

যোৰহাটৰ নাম উজলালে তিনি কীৰ্তিমানে বিদ্যাৰ্থীয়ে (HSLC result update) ৷ উখল মাখল পৰিবেশে বিৰাজ কৰিছে যোৰহাটত ৷ যোৰহাটৰ বাঘচোং ডন বস্ক’ হাইস্কুলৰ দুগৰাকী ছাত্ৰীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি বিদ্যালয় খনৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details