Assam cabinet meeting in Tezpur: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সন্মিলন কক্ষৰ দ্বাৰ
তেজপুৰৰ বিলাসী সন্মিলন কক্ষত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam cabinet meeting in Tezpur)। শনিবাৰে কেবিনেটৰ পূৰ্বে মুকলি কৰা হয় সন্মিলন কক্ষৰ দুৱাৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে সন্মিলন কক্ষৰ দুৱাৰ । কিন্তু এই নতুন সন্মিলন কক্ষৰ কেইবাটাও বিশেষত্ব আছে ।
অমানৱীয়! নাবালকক ফেনত ওলোটাই গৰম লোহাৰৰ ৰ'ডেৰে প্ৰহাৰ
সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে এটি ভিডিঅ' ৷ ভিডিঅ'টোৱে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ নাবালকক ফেনত ওলোটাকৈ ওলমাই গৰম লোৰ ৰ'ডেৰে নিৰ্মমভাৱে প্ৰহাৰ(Minor assault video viral in Barmer) ৷
কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী
ক্ৰমাৎ বৃদ্ধি পাইছে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰা ৰাজ্যৰ যুৱক-যুৱতীৰ সংখ্যা ৷ কেৰালা, তামিলনাডু আৰু গুজৰাটৰ লগতে বেংগালুৰ, হায়দাৰাবাদ, দিল্লী, মুম্বাই আদি মহানগৰত থিতাপি লৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱাই ৷ পিছে ভয়াৱহ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কোনো বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ।
Shootout at Park Circus : পশ্চিমবংগৰ কালিম্পঙত কনিষ্টবলৰ আত্মহত্যা
পশ্চিমবংগৰ কালিম্পং জিলাত চাঞ্চল্যকৰ ঘটনা । পাৰ্ক চাৰ্কাছত গুলীচালনা কৰাৰ লগতে নিজকে গুলীয়াই আত্মহত্যা কৰে কনিষ্টবল স্বৰূপ লেপচাই (Constable Chedup Lepcha commits suicide in Kolkata)। কনিষ্টবলৰ মানসিক স্থিতিক লৈ প্ৰশ্ন উত্থাপন । পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাক লৈ বিভিন্ন ধৰণ সন্দেহ প্ৰকাশ কৰিছে ।
Maitri Bus Service starts: আগৰতলাৰ পৰা পুনৰ আৰম্ভ ইণ্ডো-বাংলা বাছসেৱা
পুনৰ আৰম্ভ হ'ল ভাৰত আৰু বাংলাদেশৰ মাজত বাছসেৱা । ত্ৰিপুৰাৰ পৰা বাংলাদেশৰ ঢাকা হৈ কলকাতালৈ মৈত্ৰী বাছসেৱা পুনৰ আৰম্ভ (Bus services from Tripura to Kolkata via Dhaka resume)। ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা এই বাছসেৱা মুকলি হোৱাৰ লগে লগে এতিয়া দুয়োখন দেশৰে যাত্ৰীসকলৰ মাজত উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।