Rangali bihu 2022 : এদিনীয়া কাৰ্যসূচীৰে মাকুমবাসীৰ ৰঙালী বিহু উদযাপন
ব’হাগ মানেই নতুনৰ আশা, ব’হাগ মানেই আশাৰ বতৰা ৷ ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী বিহু ৷ আজি গৰু বিহু (Rangali Bihu celebrates in Assam) ৷ সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াৰ মাকুমতো প্ৰতিগৰাকী অসমীয়া বিশেষকৈ কৃষক সমাজে পালন কৰিছে গৰু বিহু (Goru Bihu celebrations at Makum) । যাৰ বাবে বৃহস্পতিবাৰে পুৱাৰে পৰা অঞ্চলটোৰ ৰাইজে মাকুমৰ জ্যোতিনগৰ খেলপথাৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷ গৰু বিহুৰ লগতে এদিনীয়াকৈ বাৰে ৰহণীয়া কাৰ্যসূচীৰে ৰঙালীৰ ৰঙত বিলীন হ’বলৈ বিহুৰ অনুষ্ঠানৰ আয়োজন কৰিছে মাকুমবাসীয়ে ৷
পৰম্পৰা ৰক্ষা কৰি মৰাণৰ ৰাইজে পালন কৰিলে গৰু বিহু
আজি গৰু বিহু ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা মাহ-হালধিৰে গোহালিৰ গৰুহালক নোৱাই-ধুৱাই ৰঙালীক (Rangali bihu celebrates in Assam) আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া ৷ পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ ডিব্ৰুগড় জিলাৰ মৰাণ, খোৱাং গ্ৰাম্য অঞ্চলৰ ৰাইজে পালন কৰিলে গৰু বিহু (Goru Bihu celebrations at Moran) । অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু । গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰু কেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ গা ধুৱাই পূজা কৰে । এই পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি কৃষক ৰাইজে পালন কৰিলে গৰু বিহু ।
Cyber Attack in Oil India Limited : স্তব্ধ হৈ পৰিছে অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ
হেকাৰৰ কবলত পৰিছে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেড (Oil India Limited server hacked) ৷ বৰ্তমানলৈকে স্তব্ধ হৈ পৰিছে অইল ইণ্ডিয়াৰ সমগ্ৰ কাম-কাজ ৷
ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনা : বুধবাৰৰ দিনটোত প্ৰাণ হেৰুৱালে 9 গৰাকীকৈ লোকে
বুধবাৰৰ দিনটোৰ ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনা(Road accident in various places of Assam) সংঘটিত ৷ তিনি পৃথক স্থানত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 9 গৰাকীকৈ লোকে ৷ ডবকাত একে পৰিয়ালৰ সদস্য তথা 6 গৰাকীকৈ আত্মীয়ই হেৰুৱালে প্ৰাণ ৷
ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে পুনৰ প্ৰৱৰ্তন কৰিব লটাৰী
চুবুৰীয়া ৰাজ্যত লটাৰী চলি থকাৰ বাবে অসমে চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰাজহ । সেয়ে দুই দশকৰ পাছত পুনৰ লটাৰী আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চৰকাৰৰ (Government Lottery in Assam)। লটাৰীৰ যোগেদি প্ৰতি বছৰে চৰকাৰে লাভ কৰিব ২০০০ কোটিৰ পৰা ২৫০০ কোটি টকাৰ ৰাজহ । এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।