নাওবৈচা, জানুৱাৰী : দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পশ্চিম ৰঙানদীৰ টি.এম.পি.কে, এম.এম.কে, টি.এম.এম.কেৰ আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশন শনিবাৰে সামৰণি পৰে ৷ এই দ্বি-বাৰ্ষিক অধিৱেশন শিঙৰা ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা হৈছিল ৷
নিজা স্বকীয় ভাষা সংস্কৃতিৰে সমৃদ্ধিশালী অসম জনজাতি জনগোষ্ঠীৰ সৰ্ববৃহৎ, দ্বিতীয় মিচিং জনগোষ্ঠীয় লোক সকলৰ অৰ্থনৈতিক, সামাজিক, শিক্ষা, সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ স্বাৰ্থত ৭০দশকতে জন্ম লাভ কৰিছিল মিচিং জাতীয় সংগঠন টি.এম.পি.কে ৷ বিশেষকৈ টিএমপিকেৰ গৰ্ভতে জন্ম লাভ কৰা এম.এম.কে আৰু টি.এম.এম.কেয়ে জাতীয় সংগঠন দুয়োটাই মিচিং জনগোষ্ঠীয় লোক সকলক প্ৰতিনিধিত্ব কৰি আহিছে ।
তিনিটাকৈ মিচিং সংগঠনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন শনিবাৰে দিনৰ প্ৰায় 11 বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাখনত সভাপতিত্ব কৰে টি এম পি কেৰ পশ্চিম ৰঙানদী আঞ্চলিক সমিতিৰ সভাপতি বিপিন মিলিয়ে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে টি.এম.পি.কেৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি অনিল চাংমাই ৷
এই জাতীয় সংগঠনটোৰ সভাপতি অনিল চাংমাই কয় যে, মিচিং জনগোষ্ঠীয় লোক সকলে সুদীৰ্ঘ বছৰে বান-গড়াখহনীয়া লগত যুদ্ধ কৰি আহিছে ৷ কিন্তু পৰিতাপৰ বিষয় এই যে কোনো এখন চৰকাৰে এই অঞ্চলৰ সমস্যা সমূহ সমাধানহে কৰিব বুলি নোৱাৰিলে ৷ লগতে জনগোষ্ঠীয় এলেকা সমূহত মুকলিকৈ চলি থকা নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনে সমাজত বিৰূপ প্ৰভাৱ পেলাইছে বুলিও মন্তব্য কৰে জাতীয় সংগঠনটোৰ সভাপতি গৰাকীয়ে ৷ ইফালে জনগোষ্ঠীটোৰ মহিলা সকলে বৈ উলিওৱা নানাৰঙী বস্ত্ৰসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত বজাৰ দখল কৰাৰ ক্ষেত্ৰত সংগঠনে কাম কৰি আহিছে বুলি জানিবলৈ দিয়ে নেতা গৰাকীয়ে ।
এই সভাখনত উপস্থিত থাকি মিচিং স্বায়ত শাসিত পৰিষদৰ কৃষি আৰু মীন বিভাগৰ কাৰ্যবাহী বিষয়া দেৱৰঞ্জন মৰাঙে মিচিং জনগোষ্ঠীয় লোকসকলৰ সমস্যা সমূহৰ সমাধানৰ কৰাৰ ক্ষেত্ৰত জাতীয় সংগঠনটোক গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ তেওঁ আহ্বান জনায় । আনহাতে, অধিবেশনৰ লগত সংগতি ৰাখি "সামাজিক নেতৃত্ব"বিষয়ৰ ওপৰত এখন আলোচনাচক্ৰও অনুষ্ঠিত হয় ৷
লগতে পঢ়ক :ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী থিয় কৰোৱা হ’ব পাটাৰকুছিত: কমল কুমাৰ মেধি