লখিমপুৰ, ৫ জুন : ‘‘অসমত এতিয়া কাৰ চৰকাৰ চলি আছে, বিজেপি নে আলফা(স্বা)ৰ ৷ বিভিন্ন চ’চিয়েল মেডিয়াত অসম যুৱক-যুৱতীয়ে আলফা(স্বা)ৰ সপক্ষে কোনো মন্তব্য কৰিলেই হিমন্ত শৰ্মা নেতৃত্বাধীন চৰকাৰে আটক কৰি কাৰাৰুদ্ধ কৰে ৷ তেনে সময়তে ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে আলফা(স্বা)ৰ ওচৰত আঠু লোৱাৰ পাচতো কিয় হিমন্ত চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰা নাই’’ ৷ দেওবাৰে লখিমপুৰৰ বগলীজানত আয়োজন কৰা এক সভাত অংশ লৈ এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰিপুন বৰাই ৷
লগতে তেওঁ কয় যে, বিজেপি চৰকাৰ আচল চৰকাৰ নহয় ৷ এইখন কেৱল ভেজাল শ্ল’গান দি থকা চৰকাৰহে ৷ সবকা সাথ, সবকা বিকাশৰ কথা কোৱা চৰকাৰৰ দিনত কেৱল আদানি-আম্বানীৰহে বিকাশ হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে (Ripun bora criticize Assam BJP) ৷
লগতে পঢ়ক :ৰাজ্যৰ প্ৰতিষ্ঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভৱিষ্যত নাই : মামুন ইমদাদুল হক চৌধুৰী