লখিমপুৰ,২০ জুলাই :ৰাজ্যত প্ৰায় ডাম্পাৰৰ চালকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হয় । যান-বাহন আইন উলংঘনকে ধৰি ডাম্পাৰৰ দৌৰাত্মক লৈ বহু অভিযোগ আছে ডাম্পাৰৰ বিৰুদ্ধে । কিন্তু এইবাৰ ডাম্পাৰৰ মালিকসকলে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে । বন বিভাগ আৰু পৰিবহণ বিভাগৰ মাজত সমন্বয়হীনতাৰ অভিযোগ আনিছে ডাম্পাৰৰ মালিকসকলক লৈ গঠিত তিপাৰ সন্থাই (No coordination between Forest and Transport department)।
মঙলবাৰে এই সন্দৰ্ভত লখিমপুৰ তিপাৰ সন্থাই এক সংবাদমেলো সম্বোধন কৰে (TIPPER Association press meet at North Lakhimpur)। উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত সন্থাই সন্মুখীন হোৱা সমস্যাসমূহ উত্থাপন কৰে । সন্থাৰ মতে বিভাগীয় নীতি নিয়ম অনুসৰি সামগ্ৰী কঢ়িয়াই অনাৰ পাছতো চৰকাৰৰ আন এটা বিভাগৰ ৰোষত পৰিবলগীয়া হৈছে ডাম্পাৰসমূহ । যাৰ বাবে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ মালিকসকল আতংকিত হৈ পৰিছে ।