অসম

assam

ETV Bharat / state

ৰাজনীতিত যোগদান নকৰে গণশিল্পী মহেন্দ্ৰ হাজৰিকাই - tinkhong KMSS protest at tingkhing

টিংখাং
কৃষক নেতা শশী সেনচোৱাক মুক্তিৰ দাবীত টিংখাঙত প্ৰতিবাদ

By

Published : Jan 20, 2020, 8:53 PM IST

Updated : Jan 21, 2020, 11:46 AM IST

23:32 January 20

লখিমপুৰৰ নাৰায়ণপুৰত CAA বিৰোধী প্ৰতিবাদী সভা ৷ বিপ্লৱী গীত গায় প্ৰতিবাদ সাব্যস্ত কৰে শিল্পী মহেন্দ্ৰ হাজৰিকাই

লখিমপুৰৰ নাৰায়ণপুৰত CAA বিৰোধী প্ৰতিবাদী সভা

লখিমপুৰ, 20 জানুৱাৰীঃ সোমবাৰে লখিমপুৰৰ নাৰায়ণপুৰত টাই আহোম যুৱ পৰিষদৰ আহ্বানত অনুস্থিত  নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সভা ৷ সভাত চৰকাৰ বিৰোধী ভাষণৰ উপৰিও বিপ্লবী গীত গাই প্ৰতিবাদ সাব্যস্ত কৰে শিল্পী মহেন্দ্ৰ হাজৰিকাই । হাজৰিকাই সভাত কয় যে, "ৰাইজে ৰজা পতা সকলে এতিয়া পাহৰিলে ৰাইজক । প্ৰলোভনৰ ৰাজনীতিত জাতীয় নেতাৰ ভূমিকা এতিয়া পুতৌজনক।"

তাৰোপৰি প্ৰতিবাদী সভাত ইটোৰ পিছত সিটো বিপ্লৱী গীতেৰে ৰাইজক সম্বোধন কৰা মহেন্দ্ৰ হাজৰিকাই কলে কোনো কাৰণত বৰ্তমান ৰাজনীতিত যোগদান নকৰে, কাৰণ অসমৰ ৰাইজক মিছা কথা কব নোৱাৰে শিল্পী গৰাকীয়ে । 

22:55 January 20

নগাঁৱৰ হাঁহচৰাত নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণ সমাৱেশ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদোগত সাব্যস্ত কৰে প্ৰতিবাদ ৷

নগাঁও, 20 জানুৱাৰীঃ নগাঁৱৰ হাহচৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণ সমাৱেশ ৷ সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদোগত হাহচৰাত আনুষ্ঠিত গন সমাবেশত অঞ্চলটোৰ হাজাৰ হাজাৰ মুছলমান লোক ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ । স্বতঃস্ফুৰ্তভাৱে পুৱাৰে পৰা সমাবেত হোৱা ৰাইজৰ দাবী এটাই  নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক । আনহাতে, সমাৱেশত উপস্থিত থাকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, মীৰা বৰঠাকুৰ অদীপ কুমাৰ ফুকনকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ 

আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

19:11 January 20

টিংখাঙৰ ৰাজগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা শশী সেনচোৱাক মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

কৃষক নেতা শশী সেনচোৱাক মুক্তিৰ দাবীত টিংখাঙত প্ৰতিবাদ

টিংখাং, 20 জানুৱাৰীঃ ডিব্ৰুগড়ৰ টিংখাঙৰ ৰাজগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা শশী সেনচোৱাক মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ । মৰাণ নাহৰকটিয়া পথত টায়াৰ জ্বলাই পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই । কৃষক মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক শশী সেনচোৱাক বিনা চৰ্তে মুক্তিৰ দাবী । ব্যস্ত পথৰ ওপৰত আৱদ্ধ হৈ পৰে বহু যান বাহন ।

উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা কৃষক মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় জিলাৰ যুটিয়া সম্পাদক শশী সেনচোৱাক  নাচনীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে টিংখাং আৰক্ষীয়ে । কৃষক নেতা গৰাকীৰ বিৰুদ্ধে মৰাণ থানাত ৰুজু হৈ থকা ৩৩৫/১৯ নম্বৰ গোচৰ ভিত্তিতে ভাৰতীয় দণ্ড বিধি আইন ৪৩৬ অধীনত গ্ৰেপ্তাৰ কৰে টিংখাং আৰক্ষীয়ে । নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত লেঙেৰীত সংঘটিত পঞ্চায়ত কাৰ্যালয়ত অগ্নি সংযোগ ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীক । 

আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Last Updated : Jan 21, 2020, 11:46 AM IST

ABOUT THE AUTHOR

...view details