নাওবৈচা,30 জানুৱাৰী: লখিমপুৰৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিলে জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা-সুবিধা প্ৰদান কৰাৰ উদ্দেশ্য নিৰ্মাণ কৰি উলিওৱা তিনিটাকৈ বৃহৎ ক্ৰীড়া প্ৰকল্প ৷ শনিবাৰে লখিমপুৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা বৃহৎ ক্ৰীড়া প্ৰকল্প কেইটাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ প্ৰথমে লখিমপুৰ আভ্যন্তৰীণ ষ্টেডিয়াম উদ্বোধন কৰে সোণোৱালে ৷ ইয়াৰ পিছতে নৰ্থ লখিমপুৰ কলেজৰ চিন্থেটিক এথলেটিক ট্ৰেকৰ শুভাৰম্ভণি কৰাৰ পাছত বিয়লি পানীগাঁৱত নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণৰ প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
ক্ৰিয়া প্ৰকল্প কেইটা উদ্ধোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলক এই প্ৰকল্প কেইটাৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খেলত অংশ গ্ৰহণ কৰি ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই আনিবলৈ জনালে আহ্বান ৷