অসম

assam

ETV Bharat / state

প্ৰসংগ এঘৰীয়া : ব্ৰয়লাৰ কুকুৰা পালন বা বিক্ৰী প্ৰকৃততে অপৰাধ নে ? - একশৰণ ভাগৱতী সমাজ

যি সময়ত ক’ভিডসৃষ্ট পৰিৱেশে সমগ্ৰ ৰাজ্য তথা দেশৰ অৰ্থনৈতিক অৱস্থাত ব্যাপকভাৱে প্ৰভাৱ পেলাইছে সেই সময়তে ব্ৰয়লাৰ কুকুৰা পালন কৰা তথা এই ব্য়ৱসায়ত জড়িত হৈ সমাজৰ পৰা এঘৰীয়া হৈছে তিনিটাকৈ পৰিয়াল ৷ জানো আহক ক’ত ঘটিল এই ঘটনা ৷

three-families-of-assam-got-boycotted-from-society-for-poultry-farming
ব্ৰয়লাৰ কুকুৰা পালন কৰি আত্ম নিয়োজনৰ পথ লোৱাটো অপৰাধ নেকি ?

By

Published : Aug 17, 2021, 4:07 PM IST

বিহপুৰীয়া, 17 আগষ্ট :সম্প্ৰতি, ৰাজ্যত ক'ভিডসৃষ্ট পৰিৱেশত ৰাজ্যবাসীৰ জীৱন আৰু জীৱিকাত ব্যাপকভাৱে প্ৰভাৱ পেলাইছে ৷ এই সময়তে ব্ৰইলাৰ কুকুৰাৰ ফাৰ্ম খোলা আৰু ব্ৰইলাৰ মাংস কাটি বিক্ৰী কৰাৰ অপৰাধত নাৰায়ণপুৰত পুনৰ তিনিটা পৰিয়াল সমাজৰ পৰা এঘৰীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ব্ৰয়লাৰ কুকুৰা পালন কৰি আত্ম নিয়োজনৰ পথ লোৱাটো অপৰাধ নেকি ?

একশৰণ ভাগৱতী সমাজ, অসমৰ নাৰায়ণপুৰৰ শেনচোৱা (ক) প্ৰাথমিক শাখাৰ দুটা পৰিয়ালক 'ব্ৰইলাৰ ফাৰ্ম’ খোলাৰ অপৰাধত আৰু অন্য এটি পৰিয়ালক ব্ৰইলাৰ মাংস কাটি বিক্ৰী কৰাৰ অপৰাধত সমাজৰ পৰা এঘৰীয়া কৰা হৈছে ৷ প্ৰাথমিক শাখাটোৰ অন্তৰ্গত পূৰ্ণেশ্বৰ দাস, জুনু বৰা আৰু গোবিন দাসৰ পৰিয়ালক ইতিমধ্যে পত্ৰযোগে বহিস্কাৰ তথা সমাজৰ পৰা এঘৰীয়া কৰা হৈছে ৷

গোবিন দাসৰ ভাতৃ প্ৰবীন দাস, পূৰ্ণেশ্বৰ দাসৰ কন্যা আৰু ভতিজাই বাসগৃহৰ চৌহদৰ পৰা নিলগত ব্ৰইলাৰ ফাৰ্ম খুলি দুপইচা অৰ্জনৰ বাবে প্ৰয়াস চলাইছিল ৷ একেদৰে জুনু বৰাৰ পুত্ৰ ৰঞ্জিত বৰাই ব্ৰইলাৰ মাংস কাটি খুচুৰা ব্যৱসায় কৰি নিজকে নিয়োজিত কৰি ৰাখিছিল ৷ প্ৰাথমিক শাখাটোৰ সভাপতি মদন দাস আৰু সম্পাদক হৰি বৰাৰ স্বাক্ষৰ সম্বলিত পত্ৰত উল্লেখ থকা অনুসৰি সমাজৰ সাংগঠনিক দিশৰ ওপৰত লক্ষ্য ৰাখি সমাজৰ নীতি উলংঘা কৰাৰ অপৰাধত পৰিয়াল তিনিটাক এইদৰে এঘৰীয়া কৰা হৈছে ৷

উল্লেখ্য যে, ব্ৰইলাৰ ফাৰ্ম খুলি আৰু মাংস কাটি বিক্ৰী কৰি পৰিয়াল-পোহপাল দিয়াৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ সময়তে একশৰণ ভাগৱতী সমাজৰ পৰা বহিস্কাৰ হোৱাৰ ঘটনাত পৰিয়ালকেইটা দিশহাৰা হৈ পৰিছে ৷ পৱিত্ৰ ভাদ মাহৰ প্ৰাকক্ষণত এনেদৰে সমাজৰ পৰা এঘৰীয়া হ’বলগীয়া হোৱাত পৰিয়াল কেইটা মানসিকভাৱে ভাগি পৰিছে ৷

মন কৰিব লগীয়া বিষয় যে, ৰাজ্যত এনে ঘটনা এয়েই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও ৰাজ্যখনত গাহৰি পালন কৰা অথবা ব্ৰয়লাৰ কুকুৰা পালন কৰা আদি স্ব-নিয়োজনৰ পথ লোৱা কাৰ্যক গঢ়িত আখ্যা দি বহুলোকক সমাজৰ তৰফৰ পৰা অথবা ধৰ্মীয় অনুষ্ঠানৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷ যি সময়ত মহামাৰীৰ প্ৰভাৱত ৰাজ্য তথা দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড কোঙা হৈ পৰিছে সেই সময়তে এইদৰে স্ব-নিয়োজনৰ পথ লৈ সমাজৰ পৰা পৰিয়াল কেইটা বহিষ্কৃত হোৱাৰ ঘটনাই এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক :মূল সুঁতিলৈ ঘূৰি আহক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি: ধনপাইনন থাওচেন

ABOUT THE AUTHOR

...view details