বিহপুৰীয়া,19 মে':হেণ্ডকাফ লগাই থোৱা অৱস্থাতে থানাৰ পৰা গভাইত চোৰে কৰা পলায়নে নাৰায়ণপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নাৰায়ণপুৰ থানাত সংঘটিত হেণ্ডকাফ খুলি আচামীয়ে পলায়ন কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে বিয়লি শিঙীয়া অঞ্চলৰ পৰা নাৰায়ণপুৰ আৰক্ষীয়ে আটক কৰিছিল দুটাকৈ চোৰক ৷ আটকাধীন চোৰ দুটা ক্ৰমে ব্ৰজেন বৰদলৈ আৰু ৰাতুল বৰদলৈ ৷ ইয়াৰে ব্ৰজেন বৰদলৈ নামৰ চোৰটোৱে নিশাৰ ভাগত হেণ্ডকাফ খুলি পলায়ন কৰে ৷