লখিমপুৰ, ৯ জানুৱাৰী :লখিমপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি গভাইত চোৰক । তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ পিচতে উদ্ধাৰ হৈছে চুৰি সামগ্ৰী । উল্লেখ্য় যে তিনিজনীয়া গভাইত চোৰৰ দলটোৱে দীর্ঘদিন ধৰি চুৰি কাৰ্যৰে লখিমপুৰত সন্ত্ৰাস চলাই আহিছিল । কিছুদিনৰ পূৰ্বে দলটোৱে হাত দিলেগৈ লখিমপুৰৰ বোৱালগুৰি নিবাসী ভূপেন বুঢ়াগোহাঁই নামৰ অৰুণাচল প্ৰদেশৰ আৰক্ষীত কৰ্মৰত লোকজনৰ সম্পত্তিত । কৌশলেৰে তেওঁৰ ঘৰৰ পৰা ভালেমান সামগ্রী চুৰি কৰিবলৈ সক্ষম হ'লেও কপাল বেয়া আছিল গেং অৱ থ্ৰিৰ ।
ভূপেন বুঢ়াগোহাঁইৰ ঘৰৰ সেই চুৰি ঘটনাৰ বাবে লখিমপুৰ সদৰ থানাত ৰুজু হোৱা ৩৬১/২০২৩ নম্বৰৰ গোচৰ মৰ্মে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখে । অৱশেষত যোৱা সোমবাৰে নিশা আৰক্ষীৰ জালত পৰে গেং অৱ থ্ৰি । এই তিনি গভাইত চোৰ হৈছে বিশ্বজিৎ দাস ওৰফে ডিচি, বিশ্বজিৎ বৰা আৰু ৰাজীবুৰ ৰহমান । তিনিওৰে ঘৰ লখিমপুৰত বুলি লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই সদৰী কৰিছে ।