অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ পাছতে নতুন ৰাজনৈতিক দলবোৰ নোহোৱা হ'ব : ৰামেশ্বৰ তেলী - the newly formed political parties will vanish once the elcetion is over: rameswar teli

শুকুৰবাৰে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলক লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কৰিলে এক বিশেষ মন্তব্য ৷ তেলীৰ মতে নিৰ্বাচনৰ পাছতে নোহোৱা হ'ব এইসমূহ নতুন দ'ল ৷ মন্ত্ৰী গৰাকীৰ মতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে দল গঠন হোৱাটো এক স্বাভাৱিক কথা ৷ 2021 ৰ নিৰ্বাচনত বিজেপিয়ে বিপুল ভোটত জয়লাভ কৰিব বুলিও মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷

নিৰ্বাচনৰ পাছতে নতুন ৰাজনৈতিক দলবোৰ নোহোৱা হ'ব : ৰামেশ্বৰ তেলী
নিৰ্বাচনৰ পাছতে নতুন ৰাজনৈতিক দলবোৰ নোহোৱা হ'ব : ৰামেশ্বৰ তেলী

By

Published : Oct 3, 2020, 9:02 PM IST

বিহপুৰীয়া, 3 অক্টোবৰ: "নিৰ্বাচনৰ পূৰ্বে নতুনকৈ ৰাজনৈতিক দল গঠন হয় ৷ নিৰ্বাচনৰ পাছত এই দল সমূহ নিজে নিজে নোহোৱা হৈ যায় ৷" শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আত্মপ্ৰকাশ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল 'ৰাইজৰ দল'ক লৈ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ নৱগঠিত 'ৰাইজৰ দল' সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নতুন দল গঠন হোৱাটো এক স্বাভাৱিক কথা, আৰু এনে দলসমূহ নিৰ্বাচনৰ পাছতে নোহোৱা হৈ যাব , কিন্তু মু

খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে এইবাৰো গাদী দখল কৰি ৰাইজৰ মাজত থাকিব ৷

নিৰ্বাচনৰ পাছতে নতুন ৰাজনৈতিক দলবোৰ নোহোৱা হ'ব : ৰামেশ্বৰ তেলী

উল্লেখ্য যে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকাৰ পথত নাৰায়ণপুৰত উপস্থিত হৈ দলীয় কৰ্মী সকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰে । তেওঁ কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বহুতো কল্যাণমূলক আঁচনিৰে অসমৰ ৰাইজৰ হকে কাম কৰি আহিছে আৰু ভৱিষ্যতেও দলটোবে ৰাইজৰ হকে কাম কৰি যাব ৷ 2021 ৰ নিৰ্বাচনত বিজেপি দলে জয়লাভ কৰি শাসনত বহিব বুলিও তেওঁ একপ্ৰকাৰ নিশ্চিতি প্ৰদান কৰে ৷

লগতে পঢ়ক:পাচলি বজাৰত জুই : মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ যোগান বিভাগ

ABOUT THE AUTHOR

...view details