নাওবৈচা, 23 জুলাই:সুস্বাদু আনাৰসৰ বাবে প্ৰসিদ্ধ লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নি অঞ্চল । ওখমাটি পঞ্চায়তৰ অন্তৰ্গত 2 নং তাৰিয়নি আৰু ৰাজগড়ৰ ৰসাল সুস্বাদু আনাৰসৰ মিঠা গোন্ধৰে এতিয়া চৌদিশ আমোল মোল । আহাৰ আৰু শাওন মাহত পুৰঠ হৈ উঠে এই ৰসাল আনাৰস সমূহ । গাঁওখনৰ শতাধিক সাধাৰণ কৃষক ৰাইজৰ উপাৰ্জনৰ একমাত্ৰ পথ হৈছে এই আনাৰসৰ খেতি । দশক দশক ধৰি গাঁওখনৰ শতাধিক পৰিয়ালে আনাৰসৰ উৎপাদনেৰে দাঙি ধৰি আহিছে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন ৷
কিন্তু এইবাৰ ঈপ্সিত উপাৰ্জনৰ পৰা বঞ্চিত হৈ ক্ৰমাৎ হতাশাত ভূগিছে এইসকল কৃষক পৰিয়াল ৷ ৰাজ্যত অব্যাহত থকা লক্ ডাউন আৰু প্ৰতিকূল বতৰে বেয়াকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে কৃষক সকলৰ জীৱিকাত ৷ লকডাউনৰ বাবে বন্ধ হৈ পৰা বজাৰ সমূহৰ লগতে দুমাহ ধৰি একেৰাহে দি থকা ধাৰাসাৰ বৰষুণে যথেষ্ট কমাই আনিছে আনাৰসৰ চাহিদা ৷