বিহপুৰীয়া, 24 জুলাই :বিহপুৰীয়াত ঘটিল এক আজৱ ঘটনা ৷ খাবলৈ অনা কেকৰ ভিতৰত ওলাল লোহা । নাৰায়ণপুৰৰ শক্ৰাহী গাঁৱৰ যুৱক হৃষিকেশ বৰাই গাঁৱৰে এখন দোকানৰ পৰা ক্ৰয় কৰিছিল NON STOP CHOCO SOFT CAKE নামৰ এটা কেক ।
খাবলৈ খোলোতেই কেকটোৰ পৰা ওলাল এডাল গজাল সদৃস লোহা । এনেধৰণৰ কোম্পানীৰ অসাৱধানতাৰ বাবে হ'ব পৰা বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল যুৱকজনৰ পত্নী । যাৰবাবে ক্ষুব্ধ হৈ পৰিছে পৰিয়ালটো ।