লখিমপুৰ, ২২ ছেপ্টেম্বৰ:বৃহস্পতিবাৰে লখিমপুৰ টাউনত দেখিবলৈ পোৱা গ’ল এক উত্তাল পৰিৱেশ (Tense situation in Lakhimpur) ৷ ঘটনা অনুসৰি, লখিমপুৰৰ কয়লামাৰী বাগিচাৰ বিকি বিশাল নামৰ যুৱক এজনে কিছুদিনৰ পূৰ্বে উজ্বলপুৰৰ এগৰাকী যুৱতীক পলুৱাই নিয়ে । পিছে যুৱতীগৰাকীৰ পিতৃ পৰিয়ালে যুৱতীগৰাকীক পুনৰ স্বগৃহলৈ ঘুৰাই আনে ৷
তাৰ পিছতে এই ঘটনাই ললে এক নতুন মোৰ ৷ যুৱতীগৰাকীৰ পৰিয়ালে বিকিক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলেহে যুৱতীগৰাকীক গতাই দিব ৷ এই অভিযোগ বিকিৰ পৰিয়ালৰ ৷ পিছে এই ঘটনাৰ কেইদিনমান পিছতে ৰহস্যজনকভাৱে বাগিচাৰ মাজত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় বিকিৰ মৃতদেহ (Suicide case in Lakhimpur)।
ঘটনাৰ পিছতেই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰাৰ বাবেই যুৱতীগৰাকীৰ পৰিয়ালৰ কোনো লোকে বিকিক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে বিকিৰ পৰিয়ালে ৷ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ কেইবাজনকো আটক কৰি জেললৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷