অসম

assam

ETV Bharat / state

Assam Arunachal border dispute: অসমৰ ভূমিত অৰুণাচলীয়ে লগালে কাটা তাঁৰ, লখিমপুৰত উত্তপ্ত পৰিস্থিতি - অৰুণাচল আৰু অসমৰ সীমা সমস্যা

অসম-অৰুণাচলৰ সীমা সমস্যাৰ চুক্তিৰ পিচতে লখিমপুৰত অৰুণাচল সীমান্তত ভূমি আগ্ৰাসনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ দুলুং, কাকৈ, বান্দৰদেৱা এলেকাত অৰুণাচলীয়ে কাটা তাঁৰৰ বেৰ নিৰ্মাণ কৰে (Arunachali aggregation in Assam land)৷

Tense situation in Assam Arunachal border
অসমৰ ভূমিত অৰুণাচলীৰ কাটা তাঁৰ, লখিমপুৰত উত্তপ্ত পৰিস্থিতি

By

Published : Apr 27, 2023, 9:24 PM IST

অসমৰ ভূমিত অৰুণাচলীৰ কাটা তাঁৰ, লখিমপুৰত উত্তপ্ত পৰিস্থিতি

লখিমপুৰ, ২৭ এপ্ৰিল : পুনৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা ৷ শেহতীয়াকৈ চলিত মাহত কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাত দিল্লীত অসম-অৰুণাচল সীমা সমস্যাৰ চুক্তি সম্পন্ন হৈছিলহে মাথোঁ (Assam Arunachal border dispute) ৷ এতিয়া এই চুক্তিৰ পাচতে লখিমপুৰত অৰুণাচল সীমান্তত ভূমি আগ্ৰাসনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰে জিলাখনৰ কেইবাটাও স্থানত বেদখল কৰাৰ পৰিলক্ষিত হয় ৷ চকুৰ আগতে অৰুণাচলীয়ে কাঢ়ি ল'লে অসমৰ ভূমি (Tense situation in Assam Arunachal border) ৷ অথচ একোৱেই কৰিব পৰা নাই জিলা প্ৰশাসন অথবা আৰক্ষী বিভাগে ৷

অৰুণাচলীয়ে কাকৈ বনাঞ্চলৰ ৫০ বিঘাৰো অধিক ভূমিৰ মূল্যবান গছ কাটি তহিলং কৰে ৷ অসমৰ ঐতিহাসিক ৰজাদিনীয়া ৰাজগড় আলি, গোঁহাই কমল আলিয়েই নহয় এছিয়াৰ একমাত্ৰ চিয়া নাহৰৰ বাবে বিখ্যাতস্থলী দুলুং বনাঞ্চলৰ ৯,৯০০ বৰ্গ হেক্টৰ ভূমিৰ ৪,৫০০ হেক্টৰেই আৰু কাকৈৰ বনাঞ্চলৰ ভূমিও দাবী কৰে অৰুণাচলীয়ে (Arunachali aggregation in Assam land) ৷ নিতৌ অঞ্চলটোত অৰুণাচলীয়ে চলাইছে তাণ্ডৱ ৷

উল্লেখযোগ্য যে, অসমৰ বন বিভাগৰ দললৈ লক্ষ্য কৰি প্ৰায়ে অৰুণাচলীয়ে কৰে গুলীচালনা ৷ হাতে-হাতে চোকা মাৰণাস্ত্ৰ লৈ অসমৰ বন বিভাগক খেদিবলৈ সাজু হৈ থাকে অৰুণাচলী লোকসকল ৷ কাকৈ বনাঞ্চলত সৃষ্টি হোৱা এনে পৰিস্থিতিত অৰুণাচলীয়ে সষ্টম হৈ আগ্ৰাসী কাম কাজ কৰাৰ বিপৰীতে লখিমপুৰৰ আৰক্ষী অথবা জিলা প্ৰশাসন নীৰৱে চাই ৰ’বলগীয়া হৈছে ৷

ইফালে এক সূত্ৰ অনুসৰি লখিমপুৰ আৰু অৰুণাচলৰ কাকৈৰ সমীপৱৰ্তী ৰাজহ চক্ৰ বিষয়া মিলিত হৈ বিষয়টো সমিল মিলেৰে সমাধান কৰাৰ বাবে ঐক্যমতত উপনীত হৈছে ৷ কেৱল দুলুং অথবা কাকৈতে নহয়, বান্দৰদেৱা এলেকাতো চলিছে অৰুণাচলীয়ে আগ্ৰাসন চলোৱা বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে সেই এলেকাৰ পথালি পাহাৰৰ আদৰ্শ গাঁৱৰ অসমৰ ভূমিত অৰুণাচলীয়ে কাটা তাঁৰৰ বেৰ নিৰ্মাণ কৰে ৷ ইয়াৰ পিচতে আজি দুয়ো ৰাজ্যৰ আৰক্ষী, ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি আলোচনাত মিলিত হোৱাত অৰুণাচলীয়ে কাটা তাঁৰ খুলি নিবলৈ বাধ্য হয় ৷

এতিয়া এইদৰে প্ৰতিদিনে সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ লক্ষ্যণীয়, জিলাখনৰ অৰুণাচল সীমান্ত এলেকাত থকা দুলুং, কাকৈ, ৰঙা আদি সংৰক্ষিত বনাঞ্চল সমূহত অৰুণাচলীয়ে দীর্ঘদিনৰ পৰা বেদখল কৰি আহিছে যদিও অলপতে দিল্লীত সীমা চুক্তি স্বাক্ষৰিত হোৱাৰ পাচৰে পৰা আগ্ৰাসনৰ প্ৰকোপ বৃদ্ধিহে হৈছে ৷ অন্য অৰ্থত অসম-অৰুণাচলৰ সীমা চুক্তিয়ে হিতে বিপৰীত হোৱাৰ দৰেহে পৰিলক্ষিত হৈছে লখিমপুৰ জিলাত ৷

লগতে পঢ়ক:Lok Sabha Election 2024: অহা লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাৰ ইংগিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙৰ

ABOUT THE AUTHOR

...view details