নাওবৈচা, ৩০ নৱেম্বৰ :লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ(Under Nowboicha police outpost) অন্তৰ্গত গেন্ধালী গাঁৱৰ নিবাসী অনিল নাথ (৪০) নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰক (recovery of dead body)লৈ এতিয়াও অঞ্চলজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ যোৱা 22 নৱেম্বৰত উদ্ধাৰ হৈছিল নাথৰ মৃতদেহ ৷ কিন্তু অনিল নাথৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই 9 টা দিন অতিক্ৰম কৰিলে যদিও আজিও ঘটনাটোৰ সন্দৰ্ভত কোনো তদন্ত নোহোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷
পৰিয়ালৰ লোকে সদৰী কৰা মতে, যোৱা ২১ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৮ বজাত নিজৰ কৰ্মস্থলীৰ পৰা দেউতাকৰ বছেৰেকীয়া শ্ৰাদ্ধৰ বাবে ঘৰলৈ আহিছিল অনিল নাথ ৷ ঘৰলৈ অহাৰ সময়তে পেৰাবাৰীত থকা নিজৰ মোমায়েকৰ ঘৰত সোমাইছিল অনিল নাথ । তাৰ পিছৰ পৰা অনিল নাথ সন্ধানহীন হৈ আছিল ।
দেউতাকৰ শ্ৰাদ্ধৰ পুৱাৰ ভাগত অৰ্থাৎ ২২ নৱেম্বৰৰ দিনা মোমায়েকৰ ঘৰৰ কিছু নিলগৰ পথৰ কাষত উদ্ধাৰ হৈছিল অনিল নাথৰ মৃতদেহ (Body found on roadside) । মৃতদেহৰ মুখত আৰু দেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল । পৰিয়ালৰ লোকে অনিল নাথক কোনেৱে হত্যা কৰি পথৰ কাষত পেলাই যোৱাৰ সন্দেহ কৰি নাওবৈচা আৰক্ষী চকীত সেইদিনাই দাখিল কৰিছিল এজাহাৰ ।