লখিমপুৰ, ১৮ আগষ্ট:মাথো দুদিন পুৰ্বে লখিমপুৰৰ ৰাজগড় ৰূপহীত অৰুণাচলীয়ে অসমৰ ১২ জন যুৱকক আক্রমণ কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ অৰুণাচলত শতাধিক অসমৰ টেম্প' চালকক বঞ্চনা(Tempo driver of Assam deprived in Arunachal)কৰাৰ অভিযোগ উঠিছে । অসমৰ লখিমপুৰ জিলাৰ টেম্প' চালকসকলৰ ওপৰত অৰুণাচলীৰ অত্যাচাৰ অব্যাহত থকাৰ অভিযোগ তুলি শতাধিক চালকে বুধবাৰে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । উক্ত প্ৰতিবাদী সভাত টেম্প' চালকসকলে অন্তিম সময়সীমা দিয়ে অৰুণাচলীক ।
উল্লেখ্য় যে যোৱা এবছৰ ধৰি অৰুণাচল প্ৰদেশত অসমৰ টেম্প' চালকৰ ওপৰত আৰুণাচলীয়ে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে চালকসকলে । অসমৰ প্ৰায় তিনি শতাধিক যুৱকে নাহৰলগুনত(Driving tempo in Naharlagun)টেম্প' চলাই জীৱন নিৰ্বাহ কৰি আহিছে । টেম্প'ৰ সকলো নথি পত্ৰ থকা স্বত্বেও অৰুণাচলীয়ে অত্যাচাৰ চলায় বুলি তেওঁলোকে অভিযোগ তোলে ।