লখিমপুৰ, ৫ অক্টোবৰ :লখিমপুৰ নগৰ এলেকাৰ সমীপৰ চাপৰি গাঁৱত বুধবাৰে নিশা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিয়াৰ বাবে এজন কিশোৰক নৃশংসভাৱে হত্যা কৰি নদীত দলিয়াই দিয়ে মৃতদেহ ৷
বৃহস্পতিবাৰে পুৱা ভাগত সোমদিৰি নদীৰ পৰা এছডিআৰএফ বাহিনীয়ে কিশাৰজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল কিশোৰজন ৷ প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি, কিশোৰজনে দোকান এখনৰ সন্মুখত বহি চাহ খাই আছিল ৷ তেনে সময়তে ড্ৰাগছ সৰবৰাহকাৰী দলটোৰ বাবে অসুবিধা হোৱাত সৰবৰাহকাৰীৰ দলটোৱে কিশোৰজনক হানি খুচি হত্যা কৰি পুখুৰীটোলৈ দলিয়াই দিয়ে ৷ স্থানীয় লোকে জনোৱা অনুসৰি চাপৰি গাঁও এলেকাৰ আকবৰ, বাতেন, পেটুৱা ড্ৰাইভাৰ, আমিৰ আৰু ফালুৱে কিশোৰটিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ইতিমধ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আনহাতে দুই অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ এই হত্যাকাণ্ডৰ ঘটনাক কেন্দ্র কৰি তীব্র উত্তেজনাই বিৰাজ কৰিছে চাপৰি গাঁও অঞ্চলত।