লখিমপুৰ, ৫ ছেপ্টেম্বৰ:আজি পবিত্র শিক্ষক দিৱস । ৰাজ্যজুৰি বিদ্যায়তনিক অনুষ্ঠান সমুহত উদযাপন কৰা হয় এই দিৱস । শিক্ষাগুৰুক শ্ৰদ্ধা জ্ঞাপনৰ উপৰি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমেৰে শিক্ষক দিৱস উদযাপন কৰা হয় । শিষ্যৰ সন্মান লাভ কৰি আপ্লুত হৈছে শিক্ষক সমাজ । পিছে ইয়াৰ বিপৰীতে একাংশ শিক্ষকে আজিৰ দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰিছে ।
শিক্ষক দিৱস দিনাই ক’লা বেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ লখিমপুৰত (Teachers protest at Pahumara in Lakhimpur)। ৰাজ্য চৰকাৰে একাংশ শিক্ষকক শিক্ষকৰ সলনি টিউটৰ হিচাপে অভিহিত কৰাৰ বাবে শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে । লখিমপুৰৰ পহুমৰাত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ টিউটৰ শিক্ষকসকলে ।
প্ৰতিবাদকাৰী সকলে অসম চৰকাৰে শিক্ষক সমাজক বঞ্চনা কৰি ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইন প্ৰত্যাহাৰ কৰাৰ দাবীৰ লগতে ২০-২৫ বছৰ ধৰি শিক্ষাদান কৰি অহা শিক্ষক সকলৰ ওপৰত আৰোপ কৰা টিউটৰ শব্দটো উঠাই লোৱা আৰু শিক্ষকৰ পূৰ্ণ মৰ্যদা দিয়াৰ দাবী জনায় । শিক্ষকসকলক টিউটৰ উপাধি যে অসন্মান কৰা সেই বিষয়টোও প্ৰতিবাদকাৰীসকলে চৰকাৰৰ দৃষ্টি গোচৰ কৰে । সম কামৰ, সমমৰ্যাদা আৰু সম দৰমহা প্ৰদান কৰা দাবীত টিউটৰ শিক্ষকসকলে এইদৰে শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ।