বিহপুৰীয়া, 18 ডিচেম্বৰ : প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি লৈ বৃহস্পতিবাৰে সন্ধিয়া নাৰায়ণপুৰত উপস্থিত হ’ল পুত্ৰ গৌৰৱ গগৈ ৷ ৰাজ্যজোৰা শান্তি সদ্ভাৱনা যাত্ৰাৰ অংশস্বৰূপে অস্থি পাত্ৰ লৈ সাংসদ পুত্ৰ গৌৰৱ গগৈ বিহপুৰীয়া সমষ্টিত উপস্থিত হোৱাৰ লগে লগে প্ৰয়াত জননেতা গৰাকীৰ সহস্ৰাধিক গুণমুদ্ধ আৰু দলীয় সমৰ্থকে গায়ন-বায়নেৰে নাৰায়ণপুৰৰ জ্যোতি সংগমৰ প্ৰেক্ষাগৃহলৈ আদৰণি জনাই ৷
প্ৰয়াত মুখ্যমন্ত্ৰীৰ অস্থি লৈ নাৰায়ণপুৰত পুত্ৰ গৌৰৱ গগৈ - নাৰায়ণপুৰত উপস্থিত হ’ল পুত্ৰ গৌৰৱ গগৈ
অস্থি লৈ বৃহস্পতিবাৰে সন্ধিয়া নাৰায়ণপুৰত উপস্থিত হ’ল পুত্ৰ গৌৰৱ গগৈ ৷ পুত্ৰ গৌৰৱ গগৈ বিহপুৰীয়া সমষ্টিত উপস্থিত হোৱাৰ লগে লগে প্ৰয়াত জননেতা গৰাকীৰ সহস্ৰাধিক গুণমুদ্ধ আৰু দলীয় সমৰ্থকে গায়ন-বায়নেৰে নাৰায়ণপুৰৰ জ্যোতি সংগমৰ প্ৰেক্ষাগৃহলৈ আদৰণি জনাই ৷

প্ৰয়াত মুখ্যমন্ত্ৰীৰ অস্থি লৈ নাৰায়ণপুৰত পুত্ৰ গৌৰৱ গগৈ
প্ৰয়াত মুখ্যমন্ত্ৰীৰ অস্থি লৈ নাৰায়ণপুৰত পুত্ৰ গৌৰৱ গগৈ
জননেতা গৰাকীৰ আত্মাৰ সদগতি কামনাৰে অনুষ্ঠিত ভাগৱত পাঠ অনুষ্ঠানত সেৱা জনাই গৌৰৱ গগৈয়ে মঞ্চত পিতৃৰ অস্থি পাত্ৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷ লগতে সমষ্টিটোৰ বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰা, অগপ দলৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই প্ৰয়াত তৰুণ গগৈৰ প্ৰতিছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে পঢ়ক:নতুন কৃষি আইনৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে