নাওবৈচা, 9 আগষ্ট :ৰাজ্যত এতিয়াও বৃদ্ধি পাই আছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই ভয়াৱহ পৰিস্থিতিৰ বাবেই ৰাজ্যৰ ভিন্ন প্ৰান্তত লকডাউন তথা কঠোৰ নীতি নিয়ম আৰু সান্ধ্য আইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ এই লকডাউনৰ সময়ছোৱাত জুৰুলা হৈ পৰিছে খাটি-খোৱা মানুহৰ জীৱন পৰিক্ৰমা ৷ লকডাউনৰ ফলত বিভিন্ন সময়ত অট'ৰিক্সা আদিৰ চালকসমূহে বিভিন্ন লোকচানৰ সন্মূখীন হৈছে ৷
উল্লেখযোগ্য যে, বৰ্তমান কিছু পৰিমানে লকডাউন শিথিল হোৱাৰ পাচতেই এই চালকসকলে প্ৰয়োজনতকৈ বেছি ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ নাওবৈচাত 10 টকা ভাড়াৰ ঠাইত যাত্ৰীসকলৰ পৰা জোৰজুলুম কৈ 50 টকাকৈ ভাড়া লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে অট'চালকৰ বিৰুদ্ধে ৷ ৰাজ্যত কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৰ্তমানেও বহু অঞ্চলত আংশিক লকডাউন জাৰি ৰাখিছে ৷