অসম

assam

ETV Bharat / state

জনজাতিকৰণৰ দাবীত লখিমপুৰত টাইপাৰ প্ৰতিবাদ - Narendra Modi

জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত পুনৰ জাঙুৰ খাই উঠে টাই আহোম যুৱ পৰিষদ । ৰাজ্যৰ ভিন্ন প্ৰান্তত সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তোলে । ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে টাই আহোমসকলক প্ৰতাৰণা কৰাৰ অভিযোগ ।

protest
জনজাতিকৰণৰ দাবীত লখিমপুৰত টাইপাৰ প্ৰতিবাদ

By

Published : Sep 4, 2021, 5:38 PM IST

লখিমপুৰ, ৪ ছেপ্টেম্বৰ : টাই আহোমসকলক জনজাতিকৰণৰ (Tribalism) দাবীত দীৰ্ঘদিন ধৰি অসমত প্ৰতিবাদ হৈ আহিছে । টাই আহোম যুৱ ছাত্ৰ পৰিষদ চমুকৈ 'টাইপা'ই (TAIPA) বিভিন্ন সময়ত অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু সংগঠনটোৰ দাবী আজিলৈ মানি নল'লে চৰকাৰে । যাৰ বাবে পুনৰ জিলাই জিলাই সংগঠনটোৱে আৰম্ভ কৰিছে প্ৰতিবাদ ।

স্বায়ত্বশাসন আৰু জনজাতিকৰণৰ দাবীত শনিবাৰে ৰাজ্যজুৰি টাই আহোম যুৱ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে । কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে লখিমপুৰ জিলাতো দেখা গ'ল সংগঠনটোৰ প্ৰতিবাদ । উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টাইপাৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

জনজাতিকৰণৰ দাবীত লখিমপুৰত টাইপাৰ প্ৰতিবাদ

এই প্ৰতিবাদৰ জৰিয়তে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তোলে সংগঠনৰ কৰ্মীসকলে । প্ৰতিবাদকাৰীসকলৰ ক্ষোভ যদিহে চৰকাৰে টাই আহোমসকলক জনজাতিৰ উপৰিও স্বায়ত্ব শাসনৰ মৰ্যদা প্রদানৰ নকৰে তেন্তে পৰৱৰ্তী সময়ত ইয়াৰ পৰিণাম ভোগ কৰিব বিজেপিয়ে । শীঘ্ৰে তেওঁলোকৰ দাবী পূৰণ নকৰিলে ৰাজপথলৈ ওলাই অহাৰো হুংকাৰ দিয়ে সংগঠনটোৱে । ইফালে টাইপাৰ তৰফৰ পৰা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ (Narendra Modi) এক স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :LINKEDINত সৰ্বাধিক পোষ্ট কৰি অভিলেখ গঢ়িলে শিৱসাগৰৰ যুৱতীয়ে

ABOUT THE AUTHOR

...view details