অসম

assam

Statue of Taburam Taid : আজিও নিৰ্মাণ সম্পূৰ্ণ নহ'ল টাবুৰাম টাইডৰ প্ৰতিমূৰ্তিৰ

By

Published : Apr 13, 2023, 1:23 PM IST

বিগত ৫ বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল ভাষাবিদ টাবুৰাম টাইডৰ প্ৰতিমূৰ্তিৰ (Unfinished statue of Taburam Taid)। চৰকাৰৰ অৱহেলাৰ বাবে ক্ষোভিত ৰাইজ । চৰকাৰে নোৱাৰিলে ৰাইজেই দান-বৰঙণিৰে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলি দাবী জনাইছে ।

Statue of Taburam Taid
আজিও সম্পূৰ্ণ নহ'ল টাবুৰাম টাইডৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণ

আজিও নিৰ্মাণ সম্পূৰ্ণ নহ'ল টাবুৰাম টাইডৰ প্ৰতিমূৰ্তিৰ

লখিমপুৰ,১৩ এপ্রিল : লখিমপুৰৰ ঘূণাসুঁতিত জন্মগ্রহণ কৰিছিল ভাষাতত্ববিদ, শিক্ষাবিদ তথা মিচিং সমাজৰ অমৃত সন্তানৰূপে খ্যাত টাবুৰাম টাইডে । তেওঁৰ বিয়োগৰ পাচত তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ দিনত চৰকাৰীভাৱে তেওঁৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ উদ্যোগ গ্রহণ কৰা হৈছিল । পিছে পৰিতাপৰ বিষয় যে পাঁচ বছৰেও এই প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূর্ণ নহ'ল (Negligence of Assam govt)।

যাৰ বাবে ঘূণাসুঁতিৰ ৰাইজ ক্ষোভিত হৈ পৰিছে । চৰকাৰে এই কাম কৰিব নোৱাৰিলে ৰাইজক এৰি দিয়াৰ আহ্বান । উল্লেখ্য যে ২০১৯ চনতে তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ দিনত প্ৰয়াত টাবুৰাম টাইডৰ জন্মস্থান লখিমপুৰৰ ঘূণাসুঁতিত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছিল ।

ৰাজ্যিক ভিত্তিত ঘূণাসুঁতিত আয়োজন কৰা আলি আয়েঃ লৃগাঙত অংশগ্রহণ কৰি তেতিয়াৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে টাবুৰাম টাইডৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে বিশ লাখ টকা চৰকাৰী অনুদানৰ কথা ঘোষণা কৰিছিল ।

উল্লেখ্য যে ঘূণাসুঁতিত জন্মগ্রহণ কৰা টাবুৰাম টাইড আছিল শিক্ষাবিদ, শিক্ষা প্ৰশাসক, ভাষাতত্ববিদ, মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ হকে অহোপুৰুষাৰ্থ কৰা, মিচিং লোকবাদ্য, নৃত্য আদিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এগৰাকী অগ্ৰণী ব্যক্তি । তেওঁ সাহিত্য একাডেমী, চুকাফা বঁটা, বাসুদেৱ জালান বঁটা আদি বিভিন্ন বঁটা প্ৰাপক ।

তেওঁ কটন কলেজৰ প্ৰবক্তা, শিক্ষা বিভাগৰ উপ-সঞ্চালক, মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক, মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ, আনন্দ ৰাম বৰুৱা ভাষা কলা সংস্কৃতি প্ৰতিষ্ঠানৰ সঞ্চালককে ধৰি বহু গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল । এনে এগৰাকী বিদ্বান ব্যক্তিৰ স্মৃতি ৰক্ষাৰ্থে মুখ্যমন্ত্রীয়ে প্ৰতিমূৰ্তি নিৰ্মাণৰ ঘোষণা কৰাত ৰাইজ স্বাভাৱিকভাৱেই আনন্দিত হৈছিল ।

প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ জিলাৰ উপায়ুক্তক সভাপতি হিচাবে লৈ এখন নিৰ্মাণ সমিতিও গঠন কৰা হয় । পৰৱৰ্তী সময়ত মুখ্যমন্ত্রীৰ ঘোষণা মতে টকা আৱণ্টন হয় । ঘূণাসুঁতিৰ মিৰি জীয়ৰী হাইস্কুলৰ প্ৰাংগণত প্ৰতিমূৰ্তিটো নিৰ্মাণৰ কাম কিছু দূৰ আগবাঢ়িছিল । কিন্তু ২০১৯ ৰ পৰা এতিয়ালৈকে প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূর্ণ নহ'ল নাইবা উন্মোচন কৰিব নোৱাৰিলে (Taburam Taid statue not completed)। যাৰ বাবে ৰাইজৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে ।

প্ৰায় পাঁচটা বছৰে প্ৰতিমূৰ্তিটো সম্পূৰ্ণ নকৰি পেলাই থোৱাৰ বাবে প্ৰয়াত অমৃত সন্তানজনক অপমান কৰাহে হৈছে বুলি ৰাইজে ক্ষোভ প্রকাশ কৰিছে । যদি চৰকাৰে প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূর্ণ কৰিব নোৱাৰে তেন্তে ৰাইজলৈ দায়িত্ব এৰি দিবলৈও ৰাইজে আহ্বান জনাইছে । ৰাইজে নিজৰ দান বৰঙণিৰে হ'লেও প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূর্ণ কৰি টাবুৰাম টাইডৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব বুলিও স্থিতি স্পষ্ট কৰে ।

লগতে পঢ়ক :Venture Schools in Assam: ভেন্সাৰ স্কুলৰ চৰকাৰী স্বীকৃতি কৰ্তন; ৭ সহস্ৰাধিক শিক্ষকৰ জীৱনলৈ নামিছে ঘোৰ অমানিশা

ABOUT THE AUTHOR

...view details