নাওবৈচা,১৩ ফেব্ৰুৱাৰী:স্বামী বিবেকানন্দৰ আদৰ্শৰে স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে ৰূপায়ন কৰিছে স্বয়ম আঁচনিৰ । এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ দুই লাখ শিক্ষিত যুৱক-যুৱতীক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য আগত ৰাখিছে ৰাজ্য চৰকাৰে । হিতাধিকাৰীক প্ৰথম পৰ্যায়ত ৩০ হাজাৰ টকা দিয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰি দ্বিতীয় পৰ্যায়ত ২০ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰিছে ।
নাওবৈচাত স্বয়ম আঁচনিৰ হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান - 340047
নাওবৈচাত তিনিদিনীয়াকৈ স্বয়ম আঁচনিৰ হিতাধিকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ ১০ টা পঞ্চায়তৰ ১২০৫ গৰাকী হিতাধিকাৰীৰ ভিতৰত নাওবৈচা শান্তি সংঘ প্ৰেক্ষাগৃহত প্ৰতি দিনে চাৰিশ জনকৈ হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।
![নাওবৈচাত স্বয়ম আঁচনিৰ হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান নাওবৈচাত স্বয়ম আঁচনিৰ হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10613113-876-10613113-1613225668759.jpg)
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ নাওবৈচাতো শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ স্বয়ম আঁচনিৰ হিতাধিকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ ১০ টা পঞ্চায়তৰ ১২০৫ গৰাকী হিতাধিকাৰীৰ ভিতৰত নাওবৈচা শান্তি সংঘ প্ৰেক্ষাগৃহত প্ৰতি দিনে চাৰিশজনকৈ হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । প্ৰশিক্ষণত লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ প্ৰশান্ত ফুকন ,কমলেশ্বৰ হাজৰিকা আৰু প্ৰবক্তা সঞ্জীৱ ফুকন উপস্থিত থাকি হিতাধিকাৰীসকলক বিজ্ঞানসন্মতভাৱে মৎস্য পালন, হাঁহ কুকুৰা পালন, হস্ত তাঁত বস্ত্ৰ শিল্প ,গাহৰি পালন আদিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ।
প্ৰশিক্ষণ প্ৰদান কৰি ড০ প্ৰশান্ত ফুকনে কয় যে অসম চৰকাৰে স্বয়ম আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক- যুৱতীকসকলক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ বাবে যি আৰ্থিক সাহাৰ্য আগবঢ়াইছে সেয়াই ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে ।
লগতে পঢ়ক:বিজনীত হস্তনিৰ্মিত বন্দুক আৰু হৰিণাৰ ছালসহ এজনক গ্ৰেপ্তাৰ