লখিমপুৰ,৪ জানুৱাৰী : লখিমপুৰবাসীৰ বাবে সুখবৰ । জিলাখনৰ আৱৰ্জনাবোৰ এতিয়া সম্পদলৈ ৰূপান্তৰিত হৈছে । ডাম্পিং গ্ৰাউণ্ডৰ জাৱৰ ক্ৰয় কৰিছে মেঘালয়ে । আচৰিত যেন লাগিলেও লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু পৌৰসভাৰ উদ্যোগত এয়া সম্ভৱ হৈ উঠিছে (Lakhimpur Municipal board initiative)।
উল্লেখ্য যে প্ৰায় ত্ৰিশ বছৰ ধৰি লখিমপুৰ পৌৰসভাৰ চান্দমাৰীত থকা ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনাসমূহ পেলাই থকা হৈছে । ফলত পৰিৱেশ প্ৰদূষণৰ লগতে উক্ত এলেকা দুৰ্গন্ধময় হৈ পৰিছে । আনকি ওচৰৰ পথেৰে যাতায়ত কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে । যাৰ বাবে এই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ বাবে বিভিন্ন সময়ত একাংশ স্থানীয় দল-সংগঠনে দাবী কৰি আহিছে । আনকি পৌৰসভা আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত সংগঠনসমূহে প্ৰতিবাদো সাব্যস্ত কৰিছে ।
পিছে এই আৱৰ্জনাসমূহ এতিয়া সম্পদলৈ পৰিণত কৰা হৈছে । জাৱৰ নিষ্কাশনৰ বাবে কোটি টকীয়া আঁচনি ৰূপায়ণ কৰা হৈছে । আনহাতে ৰাজ্যৰ ভিতৰতে সফল হৈছে লখিমপুৰ পৌৰসভাৰ ২৬৭ কোটি টকীয়া জাৱৰ নিষ্কাশন আঁচনি (Sewage Disposal Scheme in Lakhimpur)। সুদীৰ্ঘ ৩০ বছৰ ধৰি জমা হৈ পাহাৰৰ ৰূপ লোৱা উত্তৰ লখিমপুৰ পৌৰসভাৰ চান্দমাৰী ডাম্পিং গ্ৰাউণ্ডৰ পৰা প্লাষ্টিক আৱৰ্জনা এতিয়া প্ৰেৰণ কৰা হয় চুবুৰীয়া ৰাজ্য মেঘালয় লৈ ।
মেঘালয়ৰ চিমেণ্ট নিৰ্মাণকাৰী কোম্পানীয়ে ক্ৰয় কৰে প্লাষ্টিক আৱৰ্জনাবোৰ । যি সময়ত ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰা এই ডাম্পিং গ্ৰাউণ্ডটো সকলোৰে বাবে মূৰৰ কামোৰণিত পৰিণত হৈছিল । এতিয়া যান্ত্রিক প্ৰক্ৰিয়াৰে আৱৰ্জনা নিষ্কাশন কৰি ডাম্পিং গ্ৰাউণ্ডটোৰ পৰা প্লাষ্টিক জাতীয় জাৱৰ প্ৰেৰণ কৰা হয় চিমেণ্ট কোম্পানীলৈ ।