অসম

assam

দেহত দুৰাৰোগ্য কৰ্কট লৈও সফলতাৰ হাঁহি মাৰিলে নাৰায়ণপুৰৰ চুমিয়ে

By

Published : Jun 27, 2022, 7:06 PM IST

Updated : Jun 27, 2022, 7:41 PM IST

দেহত দুৰাৰোগ্য কৰ্কট, তথাপিও জীৱন যুদ্ধৰ এগৰাকী সফল যোদ্ধা চুমি ৷ সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত (HS final result 2022) 4 টা বিষয়ত লেটাৰ মাৰ্কসহ সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ব্লাড কেঞ্চাৰত আক্ৰান্ত চুমি বৰা ৷

দেহত দুৰাৰোগ্য কৰ্কটলৈও সফলতাৰ হাঁহি মাৰিলে নাৰায়ণপুৰৰ চুমিয়ে
দেহত দুৰাৰোগ্য কৰ্কটলৈও সফলতাৰ হাঁহি মাৰিলে নাৰায়ণপুৰৰ চুমিয়ে

বিহপুৰীয়া, 27 জুন :"ইয়াতকৈ আৰু মোক সুখ নালাগে, মই বহুত সুখী ৷ " এয়া নাৰায়ণপুৰৰ ভৰলাপাৰৰ চুমি বৰাৰ মন্তব্য ৷ দেহত দুৰাৰোগ্য কৰ্কট, তথাপিও জীৱন যুদ্ধৰ এগৰাকী সফল যোদ্ধা চুমি ৷ সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত (HS final result 2022) 4 টা বিষয়ত লেটাৰ মাৰ্কসহ সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ব্লাড কেঞ্চাৰত আক্ৰান্ত চুমি বৰা ৷

দেহত দুৰাৰোগ্য কৰ্কটলৈও সফলতাৰ হাঁহি মাৰিলে নাৰায়ণপুৰৰ চুমিয়ে

বিগত দুবছৰ ধৰি ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ থকা নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ বালিপুখুৰী গাঁৱৰ মেধাৱী ছাত্ৰীগৰাকী সুদীৰ্ঘ ৯ মাহ ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত থকাৰ মাজতে অৱতীৰ্ণ হৈছিল পৰীক্ষাত ।

চুমিয়ে বিগত দুবছৰ ধৰি ব্লাড কেঞ্চাৰত আক্ৰান্ত বুলি কৈ কেঞ্চাৰ মানেই মৃত্যু নহয় বুলি মন্তব্য কৰে ৷ লগতে জীৱন যুদ্ধত হাৰ নামানি তাক প্ৰত্যাহ্বান হিচাপে লৈ জীৱনটো উপভোগ কৰি নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা চলাব লাগে বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে দৃঢ়মনা ছাত্ৰীগৰাকীয়ে ৷

জানিব পৰা মতে, আনৰ ঘৰত আধিখেতি কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা পিতৃ কুশ বৰাই ঘৰৰ গৰু-ছাগলি আদি বিক্ৰী কৰাৰ লগতে আনৰ পৰা ধন ধাৰলৈ আনি কন্যাৰ চিকিৎসা কৰিবলগা হৈছিল । তাৰ মাজতো সপোন দেখিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে ৷ কন্যাৰ এনে সফলতাত আনন্দৰ চকুলো টুকিছে চুমিৰ মাতৃয়ে ৷

লগতে পঢ়ক:শীৰ্ষ দহ স্থানৰ ভিতৰত কটন বিশ্ববিদ্যালয় দুই শিক্ষাৰ্থী: কে চি দাস কমাৰ্চ কলেজৰ এজন

Last Updated : Jun 27, 2022, 7:41 PM IST

ABOUT THE AUTHOR

...view details