লখিমপুৰ,২ মাৰ্চ :শিক্ষা ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । সেই কথাই প্ৰমাণ কৰিলে লখিমপুৰ জিলাৰ এগৰাকী ছাত্ৰীয়ে । সমগ্ৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে । যাৰ বাবে বানে গৰকা লখিমপুৰৰ আমৰতলাত আবতৰীয়া দীপাৱলী দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ অৰুণোদয় বিশ্ববিদ্যালয়ত এম.বি.এ ছাত্ৰী আছিল লখিমপুৰৰ আইনো বৰা । শেহতীয়াকৈ হৈ যোৱা চূড়ান্ত পৰীক্ষাত আইনোয়ে 'Master of Business Administration in HR & Marketing' বিষয়ত বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । কেৱল এয়াই নহয় বিশ্ববিদ্যালয়ৰ ভিতৰতে শ্ৰেষ্ঠ খিতাপ লাভ কৰিছে আইনোৱে (Lakhimpur girl got best student award in Arunachal)।