লখিমপুৰ, 16 আগষ্ট:লখিমপুৰত শিক্ষকক বিচাৰি শ্ৰেণী কোঠা এৰি পথলৈ ওলাল কণ কণ শিক্ষাৰ্থী । লখিমপুৰত বুধবাৰে পুৱা শ্ৰেণীকোঠা এৰি শিক্ষকক বিচাৰি পথলৈ ওলাল একাংশ কণ কণ ছাত্র ছাত্রী । লখিমপুৰ নগৰৰ সমীপৰ কৰ্চ্চন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হয় এই পৰিৱেশৰ । লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 1948 চনত স্থাপিত হোৱা কৰ্চ্চন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সোণেশ্বৰ গগৈক বিচাৰি কণ কণ শিক্ষাৰ্থী পথলৈ ওলায় আহে । তেওঁলোকক সহযোগিতা কৰে অভিভাবকৰ লগতে গাওঁখনৰ স্থানীয় লোকে ।
জানিব পৰা মতে, সোনেশ্বৰ গগৈ নামৰ শিক্ষকজনক বিভাগে বদলিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতেই সৃষ্টি হয় এই পৰিৱেশৰ। অভিভাৱক-শিক্ষাৰ্থীসকলে 'সোণেশ্বৰ চাৰক লাগে' শীৰ্ষক শ্লোগান দি শ্ৰেণী বৰ্জন কৰি পথলৈ ওলাই আহে । বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলে শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীকো 'সোণেশ্বৰ চাৰক ঘুৰাই দিয়ক' বুলি আহ্বান জনায় । অভিভাবকসকলেও শিক্ষকজনক ঘূৰাই দিবলৈ চৰকাৰ তথা শিক্ষা বিভাগৰ প্ৰতি আহ্বান জনায় ।