লখিমপুৰ,২০ জুন:বহু মেধাৱী শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা যেন এক আৱেগ । হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত ভালদৰে উত্তীৰ্ণ হৈ পৰিয়ালৰ লগতে অঞ্চলটোৰ বাবে সুনাম অৰ্জন কৰাটো সেইসকল মেধাৱী শিক্ষাৰ্থীৰ সপোন । গাঁৱে-ভূঞে হাইস্কুল শিক্ষান্ত পৰীক্ষা এক উৎসৱৰ দৰে বুলি ক'লেও ভুল কোৱা নহ'ব । স্কুলত নামভৰ্তিৰ পৰা সকলো শিক্ষাৰ্থীৰ অভিভাৱকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনটোলৈ অপেক্ষা কৰি থাকে ।
কিন্তু কৰ'ণাই(Corona) যেন সকলো আশা, সকলো সপোন ভাঙি চূড়-মাৰ কৰি দিলে । বিগত বছৰৰ পৰাই কৰ'ণাৰ সংহাৰী ৰূপ অব্যাহত আছে । প্ৰথম ঢৌৰ পাচত দ্বিতীয় ঢৌ(Second wave)ৰ বাবে বন্ধ আছে সকলো বিদ্যালয় ।
সম্প্ৰতি ৰাজ্যখনত সংক্ৰমণ অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে(Education Department) এক কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল । অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰিলে অসম চৰকাৰে(Assam Government) । এই ঘোষণাৰ পাচতে বহু শিক্ষাৰ্থী ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে । এই কৰ'ণা পৰিস্থিতিৰ মাজতো অতি কষ্টৰে দিনে নিশাই পৰীক্ষাৰ বাবে নিজকে সাজু কৰাৰ পাচত চৰকাৰে এই সিদ্ধান্ত লোৱাত দুখত ভাগি পৰিছে বহু শিক্ষাৰ্থী ।