লখিমপুৰ,২৬ জুন: সোমবাৰে বিয়লি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত । হেলমেট পৰিধান কৰি বাইক লৈ বস্তু থপিয়াই নিয়া দুই চিলনী চোৰক কৰায়ত্ত কৰে ৰাইজে । সৃষ্টি হয় এক হুলস্থূলীয়া পৰিস্থিতি । এনে দৃশ্য প্ৰত্যক্ষ কৰে জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ সহ বহু লোকে ।
ৰাইজৰ লপাথপাত চিলনী চোৰে ড্ৰাগছৰ বাবেই এনে অপকর্মত লিপ্ত হোৱাৰ কথা প্ৰকাশ কৰে । পিছে এয়া সঁচা ঘটনা নাছিল । আছিল এখন বাটৰ নাটৰ দৃশ্যাংশ হে । উপায়ুক্ত, আৰক্ষী অধীক্ষকে প্ৰত্যক্ষ কৰে এই নাটখন । উল্লেখযোগ্য আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি লখিমপুৰত অপ্ৰতিৰোধ্য আৰু সেৱাদ্বীপৰ উদ্যোগত এই বাটৰ নাট খন প্ৰদৰ্শন কৰা হয় ।
সোমবাৰে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস । লখিমপুৰ আৰক্ষী বিভাগৰ সহযোগত অপ্ৰতিৰোধ্য আৰু সেৱাদ্বীপ নামৰ সংস্থা দুটাৰ উদ্যোগত পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস ।